বাওঁপন্থী দলৰ দাবীঃজুবিন গাৰ্গ হত্যাৰ ন্যায়িক তদন্ত তিনিমাহৰ ভিতৰত সম্পূৰ্ণ কৰক
ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ তদন্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্মানীয় সৌমিত্ৰ শইকীয়াক লৈ এজনীয়া তদন্ত আয়োগ এখন গঠন কৰি দিছে আৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ছমাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে।অসমৰ চাৰিটা বাওঁপন্থী দল—চিপিআই (এম), চিপিআই,চিপিআই(এম-এল) আৰু ফৰৱাৰ্ড ব্লকৰ আজি অনুষ্ঠিত এখন যুটীয়া সভাই তদন্তৰ বাবে ইমান দীঘলীয়া সময় নিৰ্ধাৰণ কৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। জুবিন গাৰ্গৰ পৰিয়াল আৰু সমগ্ৰ অসমবাসীয়ে এই হত্যাকাণ্ডৰ ক্ষিপ্ৰ তদন্ত আৰু বিচাৰ দাবী কৰিছে। সেয়ে ইচফাকুৰ ৰহমানৰ সভাপতিত্বত চিপিআই(এম) ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত বাওঁপন্থী দলসমূহৰ যৌথ সভাই এই তদন্ত প্ৰক্ৰিয়া তিনিমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ দাবী জনায়।সভাই গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে যে কালি অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ টেঙাতলত নগালেণ্ডৰ পৰা অহা সশস্ত্ৰ দুৰ্বৃত্তই ৯৩টা পৰিয়ালৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি আৰু পোহনীয়া পশু-পক্ষী জ্বলাই দিছে। এই ঘটনাই উদঙাই দিছে যে সংবাদ মাধ্যমৰ সন্মুখত বৰ বৰ কথা কৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমৰ সীমা আৰু সীমান্তবাসীক সুৰক্ষা দিয়াত শোচনীয়ভাৱে ব্যৰ্থ হৈছে। অসম-নগালেণ্ড সীমান্ত সুৰক্ষিত কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক পৰ্যাপ্ত ক্ষতিপূৰণ আদায় দিবলৈ সভাই দাবী জনায়।বাওঁপন্থী দলসমূহে চেন্নাইত বিদ্যুৎ উৎপাদন কেন্দ্ৰ এটা নিৰ্মাণৰ সময়ত দুৰ্ঘটনাত পতিত হৈ অসমৰ হোজাই আৰু কাৰ্বি আংলং জিলাৰ ৯জন শ্ৰমিকৰ শোকাৱহ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। এই ঘটনাৰ সঠিক তদন্ত কৰিবলৈ আৰু মৃত শ্ৰমিকসকলৰ পৰিয়াললৈ উপযুক্ত ক্ষতিপূৰণ দিবলৈ যৌথ সভাই দাবী জনায়। এই যৌথ সভাখনত চিপিআইৰ বিপুল তালুকদাৰ,চিপিআই(এম-এল)ৰ বিবেক দাস আৰু পংকজ কুমাৰ দাস, ফৰৱাৰ্ড ব্লকৰ তপন দেবনাথ,চিপিআই(এম)ৰ সুপ্ৰকাশ তালুকদাৰ, ইচফাকুৰ ৰহমান, অজিত দাস আৰু নয়ন ভূঞাই অংশগ্ৰহণ কৰে৷