সাগৰ তলিত শুবৰে মন
সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়
অশ্ৰুসিক্ত আজি
সকলোৰে মন,
গভীৰ নিদ্ৰাত মগ্ন
জুবিন দা’ৰ নয়ন।
উজাগৰে কটাইছে
অজস্ৰ জনগণ,
বহু সৃষ্টি কৰি গ’ল পণ।
আপোনাৰ শ্ৰদ্ধাঞ্জলিৰ
বাবে অৰ্পণ প্ৰতিটো ক্ষণ।
কাহিনীও নভবা
আপোনাৰ মৃত্যু
বৰ অসহনীয়!
বুকুখন বিষাইছে,
চকুপানীবোৰ ডাৱৰ হৈ
বৰষুণ ৰূপে ধৰণীত পৰিছে।
আপুনি গীতত গোৱাৰ
দৰে সঁচাকৈ সাগৰ
তলিত শুই গ’ল।
আপোনাৰ ব্যক্তিত্ব
সাগৰৰ দৰে বিশাল,
সূৰ্যৰ দৰে উজ্জ্বল।
“দেহৰ ভৰষা নাই…” বুলি
আপুনিয়েইটো গাইছিল!
আপোনাৰ কথাই বৰকৈ
আমনি কৰে
ভাহি আহে আপোনাৰ মিচিকিয়া
হাঁহিৰ মুখখন প্ৰতিটো ক্ষণ।
মৃত্যুৰ পিছত
আপুনি কোৱাৰ দৰেই
সমগ্ৰ অসমতে বাজিছে
“মায়াবিনী ৰাতিৰ বুকুত…”
আপুনি সদায় অমৰ
আপোনাৰ গান
আমাৰ প্ৰাণ
সুখ-দুখৰ লগৰী।
“ৰৈ ৰৈ বিনালে” বুলি
আপুনিয়েইটো গাইছিল!
কিয়? কিয়?
স্বৰ্গৰ পৰাই মুক্তি দিব নেকি
বাৰু চিনেমাখন…
বাকী আধৰুৱা সাংস্কৃতিক
কামবোৰ আপুনি সৰগত
থাকিলে কোনে পূৰাব?
পৰজনমৰ শুভ লগনত
পূৰাবনে আমাৰ আশা?
আশাবোৰচোন কলিতে
মৰহি গ’ল!
বাৰু, জংকী বা’ৰ লগত স্বৰ্গতে
অহাবছৰ বিহুত গাব
“অ’ই নাহৰ ফুলাম বতৰ”
আপোনাৰ নিশ্চয় মনত পৰিব
অনুৰাগীৰ কথা,
আজিৰ দিনটোৰ বেথা।
কি হ’ব এই জীৱন!
আপুনি নহ’লে…
আকৌ আহিবনে জুবিন দা
আমাৰ অসমলে?