ক্ৰমাগত ক্লান্ত অসম
মনোৰঞ্জন বৰা
গোলাঘাট, দেৰগাঁও
অসম , দুখীয়া আজি তোৰ দেশ ,
নাই আজি ইয়াত কোনো সম্পদৰৱেশ ।
জাতি মাটি সকলো যাব
থাকি যাব মাথোঁ তোৰ কংকাল।
দুদিনৰ পাছতে ভাষাও যাবগৈ
যদিও পালে দ্ৰৌপদী মৰ্যদা।
তোক বিক্ৰী কৰি কৰি ৰজাঘৰীয়াই কৰিছে ভোগ
যদিও দিছে অৰুণোদয়
যদিও দিছে লাখপতি বাইদেউৰ আঁচনি,
জনতাৰ কেঁচা ঘামৰ টকাৰে।
আমিবোৰ যান্ত্ৰিক মানৱে
ধাৰৰ সোঁতত পোত খাই
নিজৰ অস্তিত্বৰ কথা পাহৰি
সকলো এতিয়া যাযাবৰ।
অসম আৰু অসম হৈ নাথাকিব
বিদেশী ভূমি হ’ব গৈ অসম ,
এতিয়া সেই লাচিতো নাই কনকো নাই
কৰি লʼ নিজে পণ
লুইতৰ পাৰৰে অসমীয়া আমি
সাজি লম নিজে ৰণ।
মাৰিব লাগিব নাইবা মৰিব লাগিব
অসমৰ হকে আমি
মৃত্যুক নেওচি আগুৱাই যামগৈ
অসমীয়া ৰণুৱা আমি।
জাতিৰ হকে দেশৰ হকে
ওলাই আহ্ সকলোবোৰ
হʼবি গৈ নহ’বা বিদেশী অধীনৰ
অসমৰ চাকৰবোৰ ।