নিখোজ মইজনী
কল্যাণী গগৈ(মুনু)
চিলাপথাৰ, ধেমাজি
পিঠিত এটি আধা ফটা বেগ,
বুকুত অজস্ৰ সপোন আৰু
কান্ধত ঘৰখনৰ দায়িত্ব লৈ
আগুৱাই গৈ আছোঁ আজি
সফলতাৰ শিখৰলৈ
সময়ৰ পাকচক্ৰত পৰি
অতীতক আজি আহিলো এৰি
বিশাল আকাশৰ তলত দুপাখি মেলি
পখিলাটি হৈ উৰি যাওঁ
সপোনৰ পম খেদি
যাৰ আঁৰত লুকাই আছে
হাজাৰটা সুখ-দুখৰে ভৰা কাহিনী
আজিচোন তাহানিৰ সেই
সাধুকথা যেন লগা সত্য কাহিনীবোৰে
বৰকৈ আমনি কৰিছে
অতীত অনুধাৱনৰ অনুভৱৰ এসন্ধ্যাত
বিচাৰি ফুৰিছো আজি
নিখোজ হৈ পৰা তাহানিৰ মইজনী
বন্ধুসৱৰ সৈতে পাৰ কৰা
প্ৰতিটো পল মনোৰঞ্জনৰ
গুৰুৰ চিটিকণি এচাৰিৰ ভয়ত
মৌন হৈ পৰা অশ্ৰুসিক্ত মুখখনি তথা
স্কুলীয়া দিনৰ মধুৰ সময়বোৰ
এই সকলোতে বিচাৰি ফুৰিছো
শৈশৱৰ সেই উন্মুক্ত মইজনী
সপোন পূৰণৰ পম খেদি
উৰি ফুৰা তাহানিৰ মইজনী
এতিয়া নিখোজ
যাৰ মুখমণ্ডলত নাই
তাহানিৰ সেই উন্মুক্ত ধাৰা
যিয়ে পণ লৈছিল,
সমাজৰ প্ৰগতিৰ হকে
সৎ পথৰ সন্ধান কৰি
আন্ধাৰ আঁতৰাই
জোনাকী জনী হৈ পোহৰাব ধৰা