বগা ফুল
অভিজিত বৰা
মোৰ হৃদয়ৰ পদূলিত
কেতিয়াবাই ৰুৱা আছিল নাহৰ
শেৱালী
কিন্ত জেওৰা বা কাটা তাৰৰ
নাছিল বেৰা
নাছিল ছাগলী গৰুৱে কোমল পাত খোৱাৰ
ভয় ।
হৃদয়ৰ নাহৰ জোপাৰ কোমল বতাহত
জিৰণী লোৱা সময় যেতিয়া আহিব ধৰিলে
মোক কিয় আতৰাই আনিব খুজিলা
তুমি ।
শেৱালী ৰ কোমল পাহি হাতত লোৱাৰ
হেঁপাহ কিন্তু ৰায় দিয়া জনৰ কাৰনে ন্যায়
বিচাৰিব লগা হল
বনৰ মাজত বাঘ বুঢ়া হ’ল
গাওঁত শিয়ালৰ উৎপাতত হ’ল
এটা সুৰীয়া যুগ শেষ হৈ গ’ল ।