বৈচিত্ৰময় শৰৎ আৰু আজি অসমবাসীৰ অনুভৱ
জুনুকা পাঠক
বৰপেটা
ভৌগোলিক অৱস্থান পৰ্য্যবেক্ষণ কৰি জলবায়ু আৰু জৈৱ-বৈশিষ্ট্যৰ পৰিবৰ্ত্তন অনুসৰি বছৰৰ ছয়টা ঋতু পাওঁ । “শৰৎ” (Autumn season) ঋতু প্ৰকৃতিক চঞ্চল, প্ৰাণাচুৰ্য্য কৰি তোলে। সেউজীয়াৰে চহকী, নদন-বদন । এই ঋতু প্ৰকৃতিৰ স্বচ্ছ আৰু জীৱকুলৰ মানস দাপোন। আহিনে আনে শৰৎ নে শৰৎ আহিনৰ বাবে আহে ? যি কি নহওক; শৰৎ ধৰিত্ৰীৰ অনিন্দিতা ৰূপহী, প্ৰকৃতিৰ মনোমোহা শাৰদীয় ৰাণী । আহিন মানে শৰৎ বুলি ক’ব খুজিলেও , দৰাচলতে আমি ভাদৰৰ শেষৰ পৰা কাতি মাহৰ শেষলৈকে শৰৎ ঋতু হয় বুলি জানো । ৫৭৫ বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শৰতৰ নিখুত আলেখ্য এখনিৰ সুন্দৰ বৰ্ণনা দি গৈছে । দুলড়ী ছন্দত ৰচিত “শৰৎ বৰ্ণনা” পঢ়িলে ভৰ যৌৱনা প্ৰকৃতিৰ নিৰ্মল ক্লেদমুক্ত মনোৰম ছবি এখন মানস পটত ভাহি আহে।
“শৰৎ বৰ্ণনা” ত গুৰুজনে প্ৰাণ ঢালি লিখিছে ——
শৰৎ কালৰ য’ত মহাগুণ
সবেয়ো বিদিত ভৈল।।
ধৰিত্ৰীৰ সন্মোহিনী ৰূপৰেখা এই ঋতুতে পৰিবেষ্টিত হয়। তেওঁ শৰতক লৈ ব্যাকুল হৈছিল—–
গগণ নিৰ্মল স্বচ্ছ ভৈল জল
দুৰ গৈল মেঘগণ।
মহা সুখকৰ সুৰভি শীতল
বহে বায়ু সৰ্বক্ষণ।।
বাৰিষাত জীৱন বিপদাপন্ন কৰি অতিষ্ঠ কৰা বোকাময় গুচি মসৃণ হ’ল সেউজীয়া আলি পথাৰ । অনবৰত বাৰিষাৰ আকাশত ওন্দোলাই থকা কলিয়া ডাৱৰবোৰ আতৰি গ’ল ।
—– নীলাৰ মাজত টুকুৰা-টুকুৰ আলসুৱা ডাৱৰৰ খেলা চকা-মকা লুকা-চুৰি ।
শৰৎ তুলনাবিহীন ,
কি যে মনমোহিনী অপৰূপ শুভ্ৰ যামিনী
জোনাকৰ ফৰকাল ৰাতি
প্ৰশান্তিৰ অনুৰণিত বাঁহী।
এবাৰ সকলোৰে মন যায় জোনাকত গলিবলৈ। কবি , সাহিত্যিকৰ জোনাকৰ উপকূলত সৃষ্টিৰ সমল শৰতেই ।
বতৰ আৰু সময়ৰ তাৰতম্য এই ঋতুৰ উল্লেখনীয় আৰু মন কৰিবলগীয়া প্ৰধান বৈশিষ্ট্য । দিন চুটি আৰু ৰাতি দীঘল হয়। লাহে লাহে গ্ৰীষ্মৰ উত্তাপ প্ৰশমিত হৈ আহে, পৃথিৱী হৈ পৰে শান্ত সমাহিত। শীতল বতাহৰ বাবে আমি ৰাতি মৃদু ঠাণ্ডা অনুভৱ কৰো । প্ৰকৃতি ধোৱাই পেলায় নিয়ৰৰ আগমনে। নিয়ৰৰ শব্দত পুৱতি চৰাইৰ কাকলিৰ মাদকতা , বন-দুবৰীত নিয়ৰৰ টোপাল সৰে । গোটেই ৰাতি কুৱলিৰ আলিংগনত মৌন হৈ পৰে বন বিৰিখ। শৰৎ মানেই শেৱালী ফুলাৰ সময়।
প্ৰকৃতি সুন্দৰলৈ পৰিবৰ্তন । ফল ফুলে গছ জাতিষ্কাৰ হয়। পাত সৰিবলৈ ধৰে আৰু বৰণ সলনি হয় । শইচে গেঁৰ দি ঠন ধৰি উঠে । স্বচ্ছ পানীত পদুমে পাহি মেলে। গছৰ ডালত চৰাইৰ অমিয়া সুৰে শিল্পী সত্বাৰ প্ৰাণত ন ন কাব্যৰসে অনুশীলন কৰে। দিহিঙে-দিপাঙে , নৈপৰীয়া বতাহ জাকত মন অশান্ত কৰি কহুৱা হালিছে। আকাশ যেনিবা কহুৱাৰ বুকুত এবাগৰ মাৰিবলৈ হাউলি পৰিছে। শৰৎ দুখ হৰণকাৰী উপকৰণ —— সুধাকণ্ঠ ড০ ভূপেন হাজৰীকাৰ গীতৰ কথাৰে—
“কহুৱা বন অশান্ত মন আলফুল হাতেৰে লোৱা সাবতি। “
শৰতক লৈ তেওঁৰ উৎকণ্ঠা শেষ হোৱা নাছিল —
“শাৰদী ৰাণী তোমাৰ হেনো নাম, তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন।”
— সঁচা শৰৎ পুৱতি দেখা সপোনৰ দৰেই চমকৃত সজল দাপোন। শৰতক কয় হেনো শাৰদীয় ৰাণী বুলি । নভোমণ্ডলত শৰালীdd জাকৰ উৰি যোৱা নান্দনিক দৃশ্যত মন কল্পলোকত উৰে। আৰু আমাৰ নঙলা মুখত বকুল জুপিয়ো জোনাকৰ পখীৰ দৰে ফুলি উঠে—–হিৰুদাই লিখিছিল—
“বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে।”
শৰতৰ মহিমাৰ কথা শেষ কৰিব নোৱাৰি । অপাৰ সম্ভাৰ, ।
আনহাতে আধ্যাত্মিক চিন্তাকৰ্ষণেও ধৰ্মীয় দিশৰ শোচনা আনে । বিশ্বকৰ্মা পূজাৰ পৰা শাৰদীয় উৎসৱসমূহৰ যাত্ৰা আৰম্ভ হয় । আদিশক্তি দুৰ্গতিনাশিনী দূৰ্গা পূজা, লক্ষ্মী পূজা,শ্যামা পূজা , ৰাস উৎসৱ, পোহৰৰ উৎসৱ দীপাৱলী , আৰু কাতি বিহু । আমাৰ সকলোৰে জ্ঞাত যে জীৱকুল সৌন্দৰ্য্যৰ প্ৰতি অধিক আকৰ্ষিত হয় । প্ৰকৃতাৰ্থত এই মোহনীয় ঋতু নৰ-নাৰী, জীৱকুলৰ মাজত প্ৰেমৰ সঞ্চাৰিত মাধ্যম বুলিও ক’ব পাৰি । পৌৰাণিক আখ্যান মতে ,শৰতৰ পূৰ্ণিমা ৰাতি পূৰ্ণ শশীৰ মোহছন্ন ৰূপত জগতৰ হৰিৰো মন বিচলিত হৈছিল । পূৰ্ণিমাৰ স্নিগ্ধ জ্যোৎস্নাত বিমোহিত কানাইৰ—– ” ৰাসক্ৰিড়া কৰিতে ভৈল মন ।” আধ্যাত্মিক দৃষ্টিকোণৰ পৰা অৱশ্যে ৰাসক্ৰিড়া ভক্তিৰসৰ কেলি বুলি কোৱা হয় । পূৰ্ণিমাৰ ৰাতি পুণ্যাত্মা পৰমাত্মাৰ লগত বিলীন হ’বলৈ অৰ্থাৎ নিৰ্গুণ পৰম ব্ৰহ্ম ঈশ্বৰত্ব লাভ কৰা হেতুকে য’ত গোপী ত’ত কৃষ্ণৰ সতে কৰা কেলিয়ে হ’ল ৰাসলীলা । সেয়ে পূৰ্ণিমাৰ ৰাতি শ্ৰীকৃষ্ণই গোপীসবক লৈ ৰাধাৰ সতে যমুনাৰ পাৰত ৰাস কেলি কৰিছিল। সেই গতিকে শৰৎ আধ্যাত্মিক দৃষ্টিত অনন্য ঐশ্বৰিক মাধ্যম।
এই ঋতুৰ ওচৰত আমি কম বেছি পৰিমাণে ধৰুৱা। মহান ব্যক্তিসকলক আমাৰ মাজলৈ আনিছে । জগতৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আহিন মাহৰ অসম মুলুকত আবিৰ্ভাৱ হৈছিল। চলিত বৰ্ষত কিংবদন্তি হোৱা অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ উপজি মাকৰ কোলা শুৱনি কৰিছিল শৰৎ ঋতুত। লগত আনিছিল অপৰিসীম জ্ঞান।
অহা মানে নোযোৱা নুবুজায়। আৰম্ভণী মানে শেষ নোহোৱা বুলি নুবুজায়। অৱশ্যে শেষ মানে আৰম্ভ হয় নে নহয় নিৰ্ভৰ কৰে সৃষ্টি কৰ্তাৰ ওপৰত । ঋতু আহিব আৰু যাব । এয়া বিধাতাৰ চক্ৰ। কিছু সুখ কিছু দুখ । আমি মাত্ৰ আহ-যা- সোতৰ সাক্ষী ।
এইবাৰ শৰতক খুব বেয়া পালো। আগতেও পাইছিলো যেতিয়া সুধা কণ্ঠ ড০ ভূপেন হাজৰিকা এই ঋতুতে পৃথিৱীক কন্দুৱাই স্বৰ্গগামী হৈছিল। এতিয়া হিয়াৰ কোনোবাখিনিত আজিও ঋতুটোৰ স্মৃতিচাৰণ কৰি দুখৰ এজোলোকা চকুপানী ওলায়। কেতিয়াবা শৰতক জাউৰিয়ে জাউৰিয়ে গালি দিবৰ মন যায়। ইমানবোৰ নান্দনিক প্ৰাচুৰ্য ঢালি দিয়াৰ পিছত আকৌ কিয় প্ৰাণৰ সম্পদবোৰ আজুৰি নিয়ে। — বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰীৰ লেখিয়া হ’ল চলিত শাৰদীয় দিনসমূহ । যি ঋতুক আমি সুন্দৰতম শ্ৰেষ্ঠ বুলি ভাবো ; সেই ঋতুয়ে যদি দলিয়াই দিয়ে গীতৰ সত্বাক , কেনেকৈ আমি তাক আত্মাত বন্দি কৰিব পাৰো ? প্ৰশ্নবোৰ উলতি পুনৰ শেল হৈ বুকু বিন্ধে । কেতিয়াবা যদি শৰৎ অলকানন্দাৰ জলছবি আৰু কোনো পৰত জলদস্যু। জলদস্যুয়ে সূৰ্য্য কণ্ঠ জুবিন গাৰ্গক কাঢ়ি নি শৰতৰ পূৰ্ণিমাৰ জোনাকক নটশিৰ কৰিলে লজ্জিত কৰিলে। Zubeen is superhuman. Our soul. জুবিনক হেৰুৱাই অসমবাসী দিশহাৰা হ’ল। তেওঁ সৰ্বহাৰাৰ বাবে মাত মতা নিৰ্ভীক জুবিন সংস্কৃতিৰ পথাৰৰ বৰভেটি গঢ়ি সংহিতাৰ খ্যাতি অৰ্জন কৰা সত্বাটো , শৰীৰৰ নোমৰ কাষতে থকা শত্ৰুৰ ষড়যন্ত্ৰৰ বলি হ’ল। সংগীতৰ সংহিতা যুগ সৃষ্টি কৰি জুবিন চিৰনিদ্ৰাত শুই পৰিল শৰতৰে স্বচ্ছ জল সমুদ্ৰত। কোনেও কাহানিও নিবিচৰা দুৰ্ঘটনা এটা ঘটিল । শূণ্য বুকুত শোকৰ জুই, চকুত পানীৰ প্ৰলয়,শান্তিৰে অসমবাসীয়ে শুব পৰা নাই,খাব পৰা নাই, অনুৰাগীৰ মুখৰ বৰণ শেঁতা হ’ল। পূজা বুলি ডিজে বক্সত জুবিনৰ ধৰ্মীয় গীতৰ দপদপনি নাথাকিলে সেই পূজা কেনেকৈ উপভোগ কৰিব পাৰি ? এইকেইদিন শৰত একদম নিশ্চুপ। জনতাৰ প্ৰাণত আনন্দ আনিব পৰা নাই। জুবিনৰ অবৰ্ত্তমানত শাৰদীয় উৎসৱ সেৰেঙা । অইন বাৰ বিজয়া দশমীত ল’ৰাবোৰক নিয়ন্ত্ৰণ কৰিও পুলিচ প্ৰশাসন ব্যৰ্থ হৈছিল। আজি তাৰ বিপৰিত ছবি এখনহে দেখিবলৈ পালো। সকলো অশান্ত । কেৱল জুবিনৰ দুখে সকলোকে মৌন কৰিছে। উৎসাহবিহীন কৰিছে । এয়া শৰতৰ উল্লেখযোগ্য আৰু ভাবিলগীয়া কথা। যাৰ গানে শিশুৰ পৰা বৃদ্ধলৈকে মনত আনন্দ দিয়ে জীয়াই থকাৰ শক্তি যোগায় , সেইজন নোহোৱাটো মানি লোৱা সহজ নহয় । দুৰ্বলীৰ ভয়, ধৰ্মীয় পৰম্পৰা, বলিয়ে কৰা নিৰ্বলীৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে সৰব হোৱা, দমিনীত নীতি, আদি ৰাখিব পৰা জুবিনৰ আছিল ইচ্ছা শক্তিক জগাই তোলা প্ৰবল শক্তি (superhuman). তেওঁৰ জীৱন দৰ্শন, অসাধাৰণ অদ্বিতীয় (genius ) । জীৱন মানে মহাশূণ্য । সত্য মাথোঁ মন ,মগজু। জুবিন জাতিৰ মেৰুদণ্ড অসমৰ হিয়াৰ আমঠু। Zubeen is legend. কিংবদন্তি, স্পষ্টবাদী, ভগৱানক নমনা জুবিনে অস্তিত্বক নছাৎ কৰা নাই। সত্য , সুন্দৰ, মগজু হৃদয় এইবোৰে তেওঁৰ বাবে ভগৱান। জাতি, ধৰ্ম,বৰ্ণৰ উৰ্ধত তেওঁৰ জীৱনদৰ্শন। সাম্যবাদীত বিশ্বাসী। দুখীয়াৰ বিপদৰ সময়ত সহায়ৰ হাত বঢ়াই জুবিন আটাইতকৈ সুখী হৈছিল। আতুৰ জনক সংগ দিছিল । মানুহৰ অন্তৰত ঠাই লব পৰা আচৰিত শক্তি আছিল। আচৰিত ধৰণেৰে সকলোকে ভাতৃত্ববোধেৰে আপোন কৰি লৈছিল। বিশাল ব্যক্তিত্বৰ অধিকাৰী জুবিনৰ মৃত্যুত বিশ্ব স্তব্ধ হৈছে। জুবিন কোন জানিবৰ বাবে বিশ্বই গুগল চাৰ্জ কৰিছে। তেওঁৰ মৃত্যুয়ে বিশ্ব অভিলেখ সৃষ্টি কৰিলে যুগৰ সাক্ষী এই চলিত ক’লা শৰতত। বিশ্বৰ শৱ যাত্ৰাত মানুহৰ সমাগম জুবিনৰ চতুৰ্থ স্থানত।
“আকাশত দেখো শাৰদী জোনাক নামিছে অলকানন্দা
পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু।”
জুবিনে প্ৰাণ ঢালি গাইছিল। জুবিনে কোৱাৰ দৰে শৰতে আকাশত অলকানন্দাৰ স্মৃতিৰ হেৰুৱা সুৰ আনিব পাৰিবনে? এই শেষৰ আৰু আৰম্ভণী হবনে? শৰতে দিব নোৱাৰে আমাৰ হেৰুৱা সুখৰ সুখ। নকৈ আনিব নোৱাৰে যুগদ্ৰষ্টা। তথাকথিত সমাজৰ ধৰ্মান্ধৰ কু-প্ৰথা, বৰ্ণৰ বিভাজন , এইবোৰৰ বিৰুদ্ধে তেওঁৰ মুক্তিকামী কণ্ঠ সদায় উদগ্ৰ প্ৰত্যাহ্বানৰ বাবে সাজু আছিল। পৰম্পৰাক সলনি কৰাৰ যি তেওঁৰ আদৰ্শ, সেই কথাটোৰ বাবে বহুতৰ ৰোষত পৰিছিল। তথাপিও জুবিন তেওঁৰ জীৱন দৰ্শনৰ পৰা আতৰি অহা নাছিল। তেওঁৰ সৃষ্ট অবদান সমূহ জনতাৰ প্ৰাণে প্ৰাণে গুঞ্জৰিত হৈ থাকিব। “মায়াবিনী ৰাতিৰ বুকুত “এই গাণটোয়ে প্ৰতি শৰতে জুবিনৰ শেষ স্বৰ্গযাত্ৰা ৰথখনৰ কথা সুঁৱৰাই থাকিব। ভাবিলেই বুকু কঁপি উঠে, কান্দোন আহিব খোজে। ঈশ্বৰ, ব্ৰহ্মাণ্ডৰ অপাৰজেয় শক্তিৰ বিৰুদ্ধে চলা জুবিনৰ মহাৰণ , শক্তিশালী আছিল । এই শক্তিৰ মুখামুখি একমাত্ৰ ভগৱানৰে সম্ভৱ । সেয়ে our God zubeen. আচৰিত ধৰণে মায়াবিনী গাণটিয়ে জুবিন অনুৰক্তৰ আত্মাত ঐশ্বৰিক অনুভৱ আনি দিলে– অনুভূতি প্ৰাৰ্থনা। এই শৰতৰ মাটিতে জুবিন পঞ্চভূতত বিলীন হ’ল । সম্ভৱত এই শতিকাত জুবিনৰ দৰে আকাশলঙ্ঘি সম্ভাৱনা হয়টো পোৱাৰ সম্ভাৱনা কম । মাথোঁ প্ৰতি শৰতৰ প্ৰভাতী পুৱা মায়াবিনী প্ৰাঁৰ্থনাৰে জুবিনক সুঁৱৰিম ; প্ৰাৰ্থনা কৰিম।
দুৰ্ভগীয়া শৰতত সুবিমল বতাহত জুবিনৰ নতুন সুৰ অনুৰণন নহয়, জোনাকে ঢালিব নোৱাৰে সুশোভিত জোনাক। সৰি নপৰে বকুলৰ হাঁহি।
শৰৎ আকৌ আহিছে—–
চাব পৰা নাই
আকাশলৈ
যন্ত্ৰণাৰ ডাৱৰ—
নৈৰ পাৰলৈ যাব পৰা নাই ;
কহুৱাই যদি পাহৰিছে ;
বতাহৰ চিনাকি সুৰ।
নাই একোকে—
মৌন গধুলিৰ গোন্ধ
জঁট-পট ধুসৰ জোনাকত
শেৱালী—
অসহ্যকৰ , হতাশা,
দুখৰ দুখ —–
ভাগি পৰিল শৰতৰ
গীত ——
দাপোন—-!!!
প্ৰকৃতিৰ ওপৰত ভূতৰ ওপৰত দানৱ পৰাৰ দৰে প্ৰদূষণৰ অত্যাচাৰ আছেই। গোলকীয় উত্তাপৰ কাৰণে জলবায়ু সলনি হৈছে,পৰিবেশৰ ওলোটা নাচোন হৈছে। বায়ুমণ্ডলত অধিক মাত্ৰা আদ্ৰতাৰ বাবে জোনৰ জেউতি নিস্প্ৰভ। ৰোগীয়া গছৰ ডাল পাত ঠন নধৰা হ’ল। সকলোতে প্ৰকৃতিৰ অৰাজকতা। শৰত আহিব খুজি উদণ্ড উত্তাপৰ কাৰণে আলেঙে আলেঙে কৰবাত থমকি ৰ’ব লগা হৈছে । কবি সাহিত্যিক সকলে কৈ যোৱা শাৰদীয় মেলাৰ প্ৰাচৰ্য্যু আজি দেখিবলৈ নাই। আমি তাহানিতে গধুলিৰ চোতালত বহি প্ৰাণ আকুল হোৱা সেই মিঠা আমেজৰ শুকুলা ডাৱৰ নাই।
সৰিছে শেৱালী
শৰতৰ প্ৰতি পুৱা
টোপে টোপে নিয়ৰে দুবৰীৰ বুকু
প্ৰভাতী সূৰুযৰ
বালিছন্দাৰ সাজোন।
এয়া আমাৰ বাবে এতিয়া দুৰ্লভ যেন লাগে,যেতিয়া শুই উঠি দুবৰীৰ ওপৰত শুষ্ক ধুলিয়ে লুতি খাই থকা দেখো।
এইবোৰৰ বাবে আমিয়েই দায়ী । প্ৰকৃতিক আৰু মানৱ সম্পদক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত আমি অপাৰগ। নিজেই নিজৰ ভৰিত কুঠাৰ মাৰিছো।