শংকৰোৎসৱ আৰু দূৰ্গোৎসৱত ভক্তি ভাৱৰ বুলনী
নমিতা দাস,
শুৱালকুছি শান্তিতোল
” কৃপাৰ সাগৰ দৈৱকী নন্দন
শুনিও মনৰ কাম
ভকতৰ সংগ সদা নোগুচোক
মুখে তুৱা গুণ নাম”
হে আই মাতৃ বাপ বান্ধৱ আটাইয়ে ভক্তি ভৰা প্ৰণাম গ্ৰহণ কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭তম জন্ম জয়ন্তী উৎসৱত তেৰাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই লিখিবলৈ প্ৰয়াস কৰিলোঁ ।
শঙ্কৰ দেৱক কৰো নমস্কাৰ
সৰ্বলোক ণিতাকাৰী ।
হৰিভক্তি মহা ধৰ্ম প্ৰচাৰিলা
সমস্তে শাস্ত্ৰ বিচাৰি ।।
লোকক কৃপায়ে নানান উপায়ে
বিহিলন্ত কৃপাময় ।
কতো গীত পদ কীৰ্তনৰ ছন্দে
ভট্টিমা কতো চপয় ।।
এহিমতে নানা প্ৰচাৰ কৰিলা
লোক তাৰিবাৰ হতু ।
পৰম কৃপালু শঙ্কৰে বান্ধিলা
ইটো মহাধৰ্ম সেতু ।।
ৰামচৰণ ঠাকুৰ
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই অসমত নৱবৈষ্ণৱ ধৰ্মৰ ত্ৰাণকৰ্তা, অসমীয়া জাতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰি অসমীয়াৰ জাতীয় সংস্কৃতিৰ সৃষ্টি আদি গুৰু । তেখেতৰ বহুমুখী প্ৰতিভাৰ আকাৰ স্বৰূপ। মহাপুৰুষ মাধৱদেৱৰ ভাষাত “সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম”তেখেতৰ ধৰ্ম প্ৰচাৰ,শিক্ষা,চিত্ৰ বিদ্যা,সমাজ সংস্কাৰ,সাহিত্য সৃষ্টি, সংগীত, অভিনয়, সকলো বিষয়তে অসমীয়া জাতি আৰু অসমীয়া ভাষা সাহিত্যিক জীৱনী শক্তি প্ৰদান কৰি অসমবাসীক চহকী কৰি থৈ গৈছে। তেখেতৰ অৰিহণা অবিহনে অসমীয়া জাতি আৰু ভাষা সাহিত্যৰ অচিনাকী হৈ ৰল হেঁতেন।
” কীৰ্তনতে শঙ্কৰ গুৰু ঘোষাতে মাধৱ
দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ “
১৪৪৯ খ্ৰিষ্টাব্দত আহিন মাহৰ শুক্ল দশমিত বৰদোৱা আলিপুখুৰীত জন্ম গ্ৰহন কৰা মহাপুৰুষ গুৰুজনাৰ জন্ম উৎসৱত ঈশ্বৰৰ গুনাণু কীৰ্ত্তনেৰে গুৰু জনাৰ সৃষ্টি অমিয়া ৰসেৰে ভৰি পৰে প্ৰতিটো নামঘৰ কীৰ্ত্তনঘৰ তেৰাৰ গুনাণু কীৰ্তনৰ লগতে আই মাতৃ বাপ বান্ধৱ আটায়ে মিলি ঈশ্বৰক আৰাধনা কৰি স্বৰ্গসম কৰি তোলা হয় প্ৰতিটো অঞ্চল । নাম ধৰ্মৰে মুখৰিত সেই অঞ্চল সমূহত গাওঁৰ ডেকা বুঢ়া লৰা ছোৱালী আটাইৰে মুখত হৰি ৰসৰ আমৃত সুৰ বিয়পি পৰে ,স্বৰ্গলৈ ৰূপান্তৰিত হয় সেই অঞ্চল সমুহ।
বৰ্ষাৰ কিন্ কিনিয়া বৰষুণৰ অন্তত শৰতৰ আগমনে কঢ়িয়াই আনে নিয়ৰসনা ৰাতিপুৱাৰ তলসৰা শেৱালীৰ সুৱাস । হালি জালি জিলমিল কৈ থকা কহুৱা বনে আহিনৰ আচলত ধৰি শৰতৰ আগমন ঘটাই । শৰৎ মানেই যেন দুৰ্গোৎসৱ । দুৰ্গতিনাশিনী দেৱী মাৰ আগমন ঘটে মহালয়াৰ পৰা। প্ৰৱাদ মতে মহালয়াৰ এই দিনটোৰ পৰাই শুভ শক্তিৰ আগমন ঘটে।
এই বাৰ ২১ ছেপ্তেম্ব দেওবাৰৰ দিনা মৰ্ত্যলৈ নামি আহিব দেৱী মা’, দেৱীমাক ধৰা লৈ আমন্ত্ৰণ জনাৱা প্ৰৰ্থনাটোৱে হৈছে মহালয়া । মহালয়া সংস্কৃত অৰ্থ হৈছে “মহা” মানে”মহান” “লয়” মানে “আলয়” বা “মহান আশ্ৰয়” আন এক দাৰ্শনিক মত অনুসৰী “মহা” মানে “পৰম” আৰু “লয়” মানে “বিলিন” হোৱা কিছুমানে “লয়” মানে “তৰঙ্গ” বুলিও অভিহিত কৰে। অৰ্থাৎ যৰ পৰা আকৰ্ষণ – বিকৰ্ষণ সৃষ্টি হয় । যি পৰম তত্বৰ পৰা সকলো তত্ব সৃষ্টি হয়। যত সকলো বিলীন হৈ যায় ।
প্ৰৱাদ মতে মহালয়াৰ বিশেষ দিনটোতে শুভশক্তিৰ আগমন ঘটাই । এই দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অশুভ শক্তিৰ বিনাস হয় বুলি লোক সকলৰ মাজত বিশ্বাস আছে ।
হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনী অনুসৰী মহালয়াৰ এই দিনটোতে ব্ৰক্ষ্মা, বিষ্ণু আৰু মহেশ্বৰে লগ হৈ অসুৰ মহিষাসুৰক বধ কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয় । সাধাৰণতে মহালয়াৰ সেই দিন টোৰ পৰাই দুৰ্গাপূজাৰ আৰম্ভনী বুলি ধৰা হয়। সপ্তম দিনা পুজা আৰম্ভ কৰি দশম দিনা পুজা শেষ কৰা হয় ।সেয়ে ভক্ত গনে এই ন দিন উপবাসে থাকি দেৱী মাৰ নটা ৰূপক পুজা কৰে।
দেৱী দুৰ্গা মায়ে তেওঁৰ সন্তান লক্ষ্মী, সৰস্বতী , কাৰ্তিক আৰু গণেশৰ সৈতে নাওঁ, হাতী ,ঘোৰা অথবা দোলাত কৈলাশৰ পৰা ধৰা লৈ আহি অসুৰ মহিষাসুৰক বধ কৰি পৃথিৱীত থকা তেওঁৰ ভক্তগনক আৰ্শিবাদ প্ৰদান কৰিছিল। সেয়েহে এই মহালয়াৰ দিনটোত ভক্তগনে পুৱাতে উঠি দেৱী দুৰ্গামাক উপাসনা কৰে বুলি বিশ্বাস কৰা হয়।
দুৰ্গোৎসৱ ,ধৰালৈ দেৱী মাৰ আগমণ ,অসূয়া, অমঙ্গল ,নাসী দুষ্টক দমন কৰিবলৈ পৃথিৱীত সুখ শান্তীৰ কামনাৰে আহিন মাহৰ শুক্লপক্ষত প্ৰতিপদৰ পৰা দশমী লৈকে এই উৎসৱ পালন কৰা হয় এই ন দিন একে ধাৰে নৱৰাত্ৰি বুলি অভিহিত কৰা হয় যদিও ষষ্টিৰ দিনা বেল বৰণৰ পিছৰ পৰা পুজা আৰ্চণা কৰি দেৱীৰ চৰণত প্ৰণিপাত জনাই নিজৰ ঘৰৰ পৰিয়ালৰ লগতে দেশ বাসীৰ আটাইৰে দেহ,মন ,বুদ্ধি, ক্ষমতা আৰু শান্তি অতুত ৰাখিবলৈ মাৰ চৰণত শৰণ লৈ ধূপ চাকি জ্বলাই ভক্তি ভাৱে প্ৰৰ্থনা জনাই চাৰিও দিখে ভক্তৰে মুখৰিত হয় সেই কেইদিনত আকাশ বতাহ সকলোতে কেৱল মাৰ আৰাধনাত ব্যষ্ট হয় ।