আৰাধনা
মিতালি বৰঠাকুৰ,মালিগাওঁ
আহিন নামিছে ধৰাৰ বুকুলৈ
মহিষমৰ্দিনী দেৱী আহিব
অগণন ভক্তই দেৱীৰ আৰতি কৰিব
পাৰিব জানো
কলিযুগৰ মহিষৰূপী দানৱক নাশ কৰিব !
পাৰিব জানো পাপৰ পৃথিৱীত
পুণ্যৰ এগছি বন্তিৰে পোহৰাই তুলিব !
অশান্ত পৃথিৱী
বাকৰুদ্ধ অসম
স্তব্ধ যেন পূজাৰ বতৰ
উশাহো যেন জুইৰ দৰে জ্বলি উঠিছে
চাৰিওফালে কপটতা , ঠগ , প্ৰবঞ্চনাৰ কালিমা
সময়ো যেন স্তব্ধ হৈ গৈছে
আহিনৰ অপেক্ষাত জঁই পৰি আছে
চোতালৰ শেৱালী
গভীৰ নিশা দুবৰিৰো সিক্ত চকুলো
নিয়ৰেও বাট চাই ৰৈছে আহিন অহালৈ
সকলোৰে দৃষ্টি যেন এতিয়া
শান্তিৰ অনন্ত পোহৰলৈ
নামি আহক এচমকা পোহৰ য’ত থাকিব
কেৱল শান্তি , সত্য আৰু সুন্দৰৰ আৰাধনা।