পূজাৰ আৰতি
প্ৰভাত বণিয়া
শৰত কালৰ শুকুলা প্ৰহৰ
দেৱী দুৰ্গা গোসাঁনী আহিছে হাতীত উঠি
গাঁৱে গাঁৱে চহৰে নগৰে মণ্ডপে মণ্ডপে উজলি উঠিছে মাটিৰ চাকিৰ ৰঙা শিখা
ভক্তগণৰ মন আজি ভক্তি ৰসেৰে ভৰপুৰ
আনন্দ উলাহত জীপাল পূজাৰ থলি
ধূপ ধুনা নৈবদ্য গন্ধে পুষ্পে
দেৱী দুৰ্গাক কৰে আজি
পূজা অৰ্চনা
মদগৰ্বী মহিষাসুৰ, দেৱী মহামায়াৰ পৰম বল বিক্ৰমত হৈছিল ধৰাশায়ী
দেশে দেশে ফুলিছিল শান্তিৰ শতদল,
মানুহ আৰু অমানুহৰ মাজত আজিও অস্তিত্বৰ দ্বন্দ দুষ্ট প্ৰকৃতিৰ লোকৰ অশোভনীয় আচৰণ
অতপালিত বিপৰ্য্যস্ত সুন্দৰ সমাজ,
সাজ সজ্জাত চিনিব নোৱাৰি মুখাৰ আৰৰ মুখ
গাঁৱে ভূঞে, দোকানে-পোহাৰে, সভা-সমিতি, হাটে-বজাৰে, উৎসৱ পূজা-পাৰ্বণে তেনে লোকৰ অবাধ দপদপনি,ৰাইজ ভীতিগ্ৰস্ত
দস্যু দানৱৰ সকলো পৰাক্ৰম নিৰ্মূল হওঁক
বিভেদ পৰিহৰি
সকলোৱে একলগ হওঁ
নিৰ্মল চিত্তে দেৱী দুৰ্গাক কৰোঁ পূজা
প্ৰাৰ্থনা জনাও
আই দুৰ্গতি নাশিনী, সিংহ বাহিনী
আমাক শক্তি দিয়া,
দিয়া ৰূপ,যশ,বিদ্যা-বুদ্ধি,ধন-সম্পত্তি
হে আই,মহিষমৰ্দিনী,চণ্ডিকা গোসাঁনী
সৰ্বমঙ্গলে মঙ্গলময়ী,কৰুণাময়ী
দেৱী দশভূজা
জনালোঁ তোমাক প্ৰণতি
পূজাৰ দিনৰ শুভ সন্ধ্যা হওঁক
সকলোৰে বাবে উদুলি মুদুলি।