দুৰ্গাপূজাৰ মেলাত
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
অ’ দেউতা, তোমাৰ লগত যে দুৰ্গাপূজাৰ মেলাত গৈছিলোঁ
এতিয়াও মোৰ স্মৃতিপটত ভাঁহি আছে
মোৰ দুটি সৰু হাতেৰে তোমাক যে খামুচি ধৰি মেলাত গৈছিলোঁ
তুমি মোক কিমান যে পুতলা আৰু ৰং-বিৰঙৰ বেলুন কিনি দিছিলা —
ঘৰলৈ ওভোতাৰ পথত গৰম গৰম জিলেপি
এতিয়াও এটি শ্ৰব্য দৃশ্য সুৰ হৈ মোৰ কৰ্ণকুহৰত বাজি আছে ।
মেলালে যাওঁতে বা আহোতে ৰৌদ্ৰৰ প্ৰচণ্ড তাপত ঘামিজামি গৈছিলোঁ
কেতিয়াবা আকাশখন গোমা হৈ পৰিছিল
কেতিয়াবা আকৌ বা-মাৰলী আৰু প্ৰচুৰ বৃষ্টিপাতত গোটেই পৃথিৱীখনক ঘোৰ এন্ধাৰে আৱৰি ধৰিছিল ;
আমি এটি বৃহৎ আঁহত গছৰ তলত বহি ঈশ্বৰৰ নাম জপ কৰিছিলোঁ।
প্ৰাণৰ ভয়ত তোমাক দুই হাতেৰে সাৱটি ধৰিছিলোঁ
আৰু কৈছিলোঁ ,
” দেউতা, এই ধুমুহা-বতাহত যদি তুমি হেৰাই যোৱা?”
তুমি মোৰ কান্ধত হাত থৈ অভয় বাণী দিছিলা ,
” তোমাক এৰি মই ক’তো হেৰাই নেযাওঁ অ’ সোণজনী !
কিন্তু, দেউতা, তুমি সঁচাকৈয়ে মোক এৰি গুচি গ’লা
তুমি ক’ত গুচি গ’লা, দেউতা?
মানুহ আহে ক’ৰ পৰা?
যায়বা কলৈ ?
মহা সমুদ্ৰৰ বুকু ফালি ফালি
তুমি গুচি গ’লা কোন দিগন্তৰ পৰিধি অতিক্ৰম কৰি !
মেঘালী আকাশৰ ফাঁকে ফাঁকে
জুমি চোৱা ধেনুভিৰীয়া জোনহৈ
তুমি এতিয়াও মোক হাত বাউলি মাতা নেকি, দেউতা?
মই যেনেকৈ তোমাৰ বিচ্ছেদত ফেঁকুৰি ফেঁকুৰি কান্দি থাকোঁ
তুমিও মোৰ সান্নিধ্য বিচাৰি
অশ্ৰুৰ বন্যা বোঁৱাই দি আছা দেউতা ?
অ’ দেউতা এতিয়াও আছে দুৰ্গাপূজাৰ মেলা ;
আছে নানা ধৰণৰ পুতলা,
ৰং-বিৰঙৰ বেলুন আৰু
জিলেপিৰ সুঘ্ৰাণ!
কেৱল তুমি গুচি গ’লা দেউতা চিৰদিনৰ বাবে,
মই পৰি ৰলোঁ বিচ্ছেদৰ কৰুণ ছায়াত !!
দুৰ্গাপূজাৰ মেলাত (দেশী ভাষাত অনুবাদ)
অ’ বাবা, তোৰ সাথে দুৰ্গাপূজাৰ মেলাত গেছলুং
এলাও মোৰ স্মৃতিপটত ভাঁসি আছে।
মোৰ ছোট্ট হাত দুটে দিয়ে তোক খামছে ধৰি মেলাত গেছলুং।
তুই মোক কতো যে পুতলে আৰ ৰং-বিৰঙেৰ বেলুন কিনি দিছিলু —-
বাৰীত ঘোৰাৰ সময় গৰম গৰম জিলেপি ;
এলাও একটা শ্ৰব্য-দৃশ্য সুৰ হয়া মোৰ কাণত বাজি আছে।
মেলাত যাওৱা বা আসাৰ সময় ৰৈদেৰ প্ৰচণ্ড তাপত ঘামিজামি গেছলুং।
কোনো কোনো সময়ত আকাশ ঘোলা হয়া পৰছিল,
কোনো কোনো সময়ত ফিৰ তুফেন আৰ প্ৰচুৰ ঝৰি পৰি সাৰা পৃথিৱীটাক ঘোৰ আন্ধাৰে ঢাকি ধৰছিল।
আমৰা একটা বট গাছেৰ তলত বসি সাৱটা-সাৱটি কৰি ঈশ্বৰক স্মৰণ কৰছিলুং।
অ’ বাবা,”তুই যদি এই তুফেনত হাৰে যাইছ?”
তুই মোৰ ঘাৰত হাত থুয়ে সাহস দিছিলু —-
” তোক ছাৰি মুই কোনো ঠাইত হাৰে নাযাং, মোৰ সোণা মা !
কিন্তু, তুই সাঁচা কৰি হাৰে গেলু বাবা!
মানুশ আইসে কুতি থাকি, যায়বা কুতি?
মহা সমুদ্ৰেৰ বুক ফালি ফালি
তুই চলি গেলু বাবা কোন দিগন্তেৰ পৰিধি অতিক্ৰম কৰি !
মেঘবৰণ আকাশেৰ ফাঁকে ফাঁকে
তুই ঝুমি ঝুমি চায়া থাকিছ ধেনু ভাঁজেৰ চান হয়া।
তুই এলাও মোক হাত ছানি দিয়ে ডাকাইছ না কি বাবা?
মুই যেমন কৰি তোৰ বিচ্ছেদত হিক পাৰি পাৰি কান্দং,
তুইয়ো মোক লাগ ধৰবেৰ জন্যে চোক্ষেৰ পানী ঝৰ ঝৰ কৰি ফেলে আছিছ না কি অ’ বাবা?
অ’ বাবা, এলাও আছে দুৰ্গাপূজাৰ মেলা ;
আছে নানা ৰকম পুতলে,
ৰং-বিৰঙেৰ বেলুন আৰ জিলেপিৰ সুঘ্ৰাণ!
কেৱল তুই চলি গেলু বাবা সাৰা জীৱনেৰ জন্যে,
মুই পৰি থাকলুং বিচ্ছেদেৰ কৰুণ ছায়াত!!