জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি এজাহাৰ দাখিল পত্নী গৰিমাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত পত্নী গৰিমা শইকীয়া গাৰ্গে দাখিল কৰিলে এজাহাৰ। চিআইডিৰ ওচৰত দাখিল কৰা এই এজাহাৰত ছিংগাপুৰত জুবিনৰ মৃত্যুৰ সময়ত থকা সকলো ব্যক্তিৰ বিৰুদ্ধে অভিযোগ তোলা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ৯ দিনৰ পাছত আনুষ্ঠানিক এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। এজাহাৰত স্বাক্ষৰ কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে, ভগ্নী পামী বৰঠাকুৰ আৰু খুড়াক মনোজ বৰঠাকুৰে।স্বাভাৱিকতে জুবিন গাৰ্গৰ পৰিয়ালে দাখিল কৰা এই এজাহাৰৰ পাছতেই সমগ্র ঘটনা সন্দৰ্ভত চিআইডিয়ে কি ধৰণে আইনী প্রক্রিয়া আগুৱাই নিয়ে সেয়া লক্ষণীয় হ’ব। স্মর্তব্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে গৰিমা গার্গে ফেচবুক লাইভযোগে মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে থকা অভিযোগসমূহ উঠাই ল’বলৈ এক আহ্বান জনাইছিল। ইয়াৰ বিপৰীতে কিন্তু পৰিয়ালৰ লোকে ছিংগাপুৰত শিল্পীগৰাকীৰ সৈতে থকা প্ৰতিজন লোকৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰে বিষয়টো অতি গুৰুত্বপূৰ্ণ কৰি তুলিছে।