এমআইএলত সন্নিৱিষ্ট কৰা হ’ব জুবিনৰ জীৱনীৰ পাঠ্যক্ৰম

Pc Aaj Tak Bangla

এমআইএলত সন্নিৱিষ্ট কৰা হ’ব জুবিনৰ জীৱনীৰ পাঠ্যক্ৰম

ৰঙিলী বাৰ্ত্তাসেৱা-  জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এক ঐতিহাসিক সিদ্ধান্ত লৈছে। জুবিন গাৰ্গৰ সৃষ্টি কৰ্মৰাজিক আধুনিক ভাৰতীয় ভাষা (এমআইএল) ৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰা হ’ব। এই কথা ঘোষণা কৰিলে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰচি জৈনে। প্রয়াত শিল্পীগৰাকীৰ কাহিলিপাৰাস্থিত বাসগৃহত শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে উপস্থিত হোৱা অধ্যক্ষ আৰচি জৈনে সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দি কয়- জুবিন গাৰ্গৰ কৰ্মৰাজি তথা সৃষ্টিক জাতি-জনগোষ্ঠী তথা সকলো ভাষিক লোকৰ ওচৰলৈ লৈ যোৱাৰ বাবে এমআইএলৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰা হ’ব। ১৪টা ভাষাত থকা এই এমআইএলৰ পাঠ্যক্ৰমত জুবিন গাৰ্গৰ সৃষ্টি তথা কৰ্মৰ ওপৰত এটা অধ্যায় সন্নিৱিষ্ট কৰা হ’ব। শিল্পীগৰাকীৰ জীৱনী আৰু কর্ম-আদর্শ নতুন প্রজন্মই কিদৰে অনুকৰণ কৰিব লাগে তথা জুবিন গাৰ্গৰ সৃষ্টি লৈ কিদৰে অনুপ্রাণিত হ’ব পাৰে, তাৰ বাবে এমআইএলত তেওঁৰ বিষয়ে উল্লেখ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। উল্লেখ্য যে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এমআইএলৰ অন্তৰ্গত ৰাজ্যৰ ১৪টা বিভিন্ন জনগোষ্ঠীয় ভাষাত জুবিন গাৰ্গৰ জীৱনী আৰু কৰ্মৰাজিক সন্নিৱিষ্ট কৰাৰ লক্ষ্যৰে ইতিমধ্যে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা বুলি জানিব পৰা গৈছে।