ঠিকনা – কপিল শেখৰ বৰা

Pc India Today

ঠিকনা

কপিল শেখৰ বৰা

আজি মোৰ নিৰৱতা
মাথোঁ নিঃশব্দ ধুমুহা…
ভাল লগা কি, বেয়া লগা কি,
এয়া যেন অবুজ ভাৱনা…
চকুলোৰ লুণীয়া সাগৰ
হৈ ৰল নিথৰ নিথৰ…
ঠিকনা আজি অসীমত বিলীন…
ইউকেলিপ্টাছ জোপাই ক’ব
মোৰ কথা,
নিবিৰ নাহৰৰ পাততেই
লিখা আছে এসাগৰ আৱেগৰ চিয়াহিৰে
মোৰ ঠিকনা…