জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্রেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ গোচৰত সহযোগী বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ। জালুকবাৰীৰ গাড়ীগাঁৱৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে শেখৰজ্যোতি গোস্বামীক। SITএ গ্ৰেপ্তাৰ কৰে শেখৰজ্যোতি গোস্বামীক। ঘৰতে SITএ জেৰা চলাইছে শেখৰক। আজি পুৱাৰে পৰা শেখৰজ্যোতিৰ ঘৰত তন্নতন্নকৈ তালাচী চলাইছিল SITএ। জুবিন গাৰ্গৰ লগত একেলগে ছিংগাপুৰলৈ গৈছিল শেখৰজ্যোতি গোস্বামী। হার্টথ্রব জুবিন গাৰ্গৰ মৃত্যু কাণ্ডৰে নাম সাঙোৰ খোৱা প্ৰথমজন অভিযুক্ত শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ।