শেষ মানে জানো শেষ হয়
মীৰা কোঁৱৰ
এতিয়া যে তুমি উশাহ মাজত
বতাহৰ গতিত
তুমিয়েই তেজৰ কণিকা
তুমি যে ধমণী
বৈ আছা অসমীয়া জাতি প্ৰাণত
থাকিবা অনাদি অনন্ত কাল—-
শেষ মানে জানো শেষ হয়
কেনেকৈ শেষ হ’ব সেই গান
মৃত্যু জিনা গান
জাতিক জিনা গান
ধৰ্মক জিনা গান
শেষ হ’ব কেনেকৈ
অসমীয়া জাতি স্বভিমান
তোমাৰ লগতে আৰম্ভ হোৱাৰ
জুইত জ্বলি আছে এতিয়াও
প্ৰত্যেক জন অনুৰাগী মান
শেষ মানে শেষ নহ’ল
তোমাৰ পাৰ্থিব শৰীৰৰ অংগ সমূহ
জ্বলি চাই হৈ গ’ল
অসমীয়া জাতি চোতাল এতিয়াও জ্বলি ৰ’ল
জ্বলি জ্বলি আছে এতিয়াও
হাজাৰ হাজাৰ জনতা
তোমাৰেই ন্যায় আশাত।