শৰৎ মানেই শাৰদীয়
অনামিকা(সংগীতা) কলিতা,শুৱালকুছি
প্ৰকৃতিৰ ছটা ঋতুৰ ভিতৰত শৰৎ ঋতু অন্যতম । শৰত মানেই শাৰদীয় অনুভৱ।
শাৰদীৰাণী তোমাৰ অম্লান দেহাটিৰ সুবাসত
নিয়ৰে চুমা যাছে শুভ্ৰ আচঁলত ।
এক কুঁৱলি আভা বিয়পি পৰে ধৰা বুকুলৈ ।প্ৰভু শ্ৰীৰাম চন্দ্ৰই ৰাৱণক বধ কৰাৰ নিমিত্তে দেৱী দূৰ্গাক শাৰদীয় শৰত ঋতুত পূজা ভাগ আয়োজন কৰিছিল বুলি ধৰ্ম গ্ৰন্থত লিখা আছে ।সেই নিয়মমতে শৰত কালতে দূৰ্গা পূজা অনুষ্ঠিত হয় । শাৰদীয় শৰতৰ আৰু শেৱালি ফুল এক নিবিড় সম্পৰ্ক আছে।সেই কাৰণে শেৱালি ফুল দুৰ্গা পূজাত ব্যৱহাৰ হয়।
শৰতৰ সময়তে ধৰাৰ বুকুলৈ শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘন্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী,কালৰাত্ৰি, মহাগৌৰী, সিদ্ধিদাত্ৰী দেৱী দূৰ্গা মাৰ নটা ৰূপত আগমণ হয়।
শৰতৰ বাবেই দূবৰিয়ে মুকুতা পিন্ধে । টোপ টোপ নিয়ৰ সৰে শেৱালিৰ সুবাসত । দূবৰিৰ পদূলি গছকি শৰৎ সোমায় । সকলো ঋতুৰ ভিতৰত অন্যতম স্থান পাইছে ঋতুৰাণী শৰতে। শৰতক আদৰণি জনাবই লাগিব ।
শৰত আহিলে আকাশৰ বুকুত জোনাকৰ ধেমালি হয় । শৰতৰ আগমনে উলাহতে প্ৰাণ পাই উঠে মৃত শিল্পী, হাতত তুলি লয় তুলিকা প্ৰাণ পাই উঠে মৃন্ময়া প্ৰতিমা । কোমল শেৱালি জোনাক নিশা শিল্পীৰ হাতৰ পৰশত বিশ্বকৰ্মা, লক্ষ্মী মা , মা কালী অনেক দেৱ -দেৱীৰ প্ৰতিমা প্ৰাণ পাই উঠে। শিল্পীৰ হাতত অহৰহ চলি থাকে ৰং তুলিকা ,ভাগৰৰ কথা নাই দুখ নাই ।
শৰতৰ মানেই উৎসৱৰ মেলা—-ফুলজাৰী , আতচবাজী , পোছাকৰ পয়োভৰ । পুতলা , পিষ্টল ইত্যাদি । শৰত মানেই হিমকণাৰ মুকুতা ,শেৱালি,কঁহুৱা সমাহাৰ ।শৰতৰ উৎসৱ বুলিলেই মেলাৰ সমাহাৰ চাৰিওফালে দোকানবোৰত জিলাপী আৰু বুন্দীয়াৰ লাড়ু । চৌপাশে কেৱল মিঠা মিঠা হাঁহি আনন্দৰ মেলা ।
শৰৎ যিদৰে আহে এদিন গুচিও যায় সংগোপনে । সিঁচি থৈ যায় মুঠি মুঠি সুবাস । মনত পৰে শৈশৱৰ নষ্টালজিয়া নিয়ঁৰ সনা দূবৰি গছকি ,তলসৰা শেৱালি বুটলি গাঁঠি ছিলো মালা । শৰতৰ সময়ত চেওঁ তুলি নাচি থকা কঁহুৱা বোৰ চাবলৈ আমি সকলো সমনীয়াৰ সৈতে নদীৰ ঘাটলৈ ফুৰিব যোৱা ।
শৈশৱৰ মধুৰ স্মৃতি বোৰ যে এতিয়াও হৃদয়ত খোদিত হৈ আছে। শৰতৰ আগমণৰ লগে লগে” দূৰ্গা পূজাৰ” বতৰা কঢ়িয়াই আনে,আমিও ব্যস্ত হৈ পৰিছিলো কি পিন্ধিম কেনেকৈ পূজা চাবলৈ যাম,সেইবোৰ আলোচনা কৰি আমাৰ চোতালত উমলিছিলো । আহ:কি যে সুন্দৰ দিন আছিল ।পদধ্বনি জগাই প্ৰকৃতিক “শৰৎ ” ঋতু নহয় আমাৰ এক হৃদয়ৰ আবেগ ।