অশ্ৰুসিক্ত নয়নেৰে জুবিন গাৰ্গক শেষ বিদায় – বিশ্বজিৎ বৈশ্য

অশ্ৰুসিক্ত নয়নেৰে জুবিন গাৰ্গক শেষ বিদায়

বিশ্বজিৎ বৈশ্য,বংশৰ (শুৱালকুছি)

জনপ্ৰিয় কণ্ঠশিল্পী, হিয়াৰ আমঠু, নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ কেৱল এটা নামে নহয় ই আমাৰ প্ৰাণ৷ অসম আৰু অসমীয়াৰ বাবে জুবিন গাৰ্গ হৈছে এটা সত্বা ৷ এটা কণ্ঠৰ নাম জুবিন, হাজাৰ জনক জগোৱা এটা আহ্বানৰ নাম জুবিন, এটি অনুষ্ঠানৰ নাম জুবিন। কিন্তু আজি সেই শিল্পীগৰাকীয়েই অগণন গুণমুগ্ধক কন্দুৱাই চিৰদিনৰ বাবে বিদায় মাগিলে এই সংসাৰৰ পৰা। কোনোৱে কেতিয়াও অপেক্ষা কৰা নাছিল এনেকুৱা নভৱা দিন এটা যে আহিব।জুবিনৰ বাবে নিজৰ প্ৰাণটোকো বিসৰ্জন দিব পৰা অসমীয়া ৰাইজে আজি চকুলো টুকিবলগীয়া হৈছে শিল্পীগৰাকীৰ অকাল মৃত্যুৰ খবৰত । কি নাছিল জুবিন গাৰ্গ ? একাধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক, আবৃত্তিকাৰ…সকলোৰে বাবে মানৱ দৰদী ব্যক্তিত্বৰ অধিকাৰী ৷ কাৰোবাৰ অসহায় অৱস্থাই বাৰুকৈয়ে কন্দুৱাইছিল তেওঁক ৷ কাক কিমান ধৰণে যে জুবিন গাৰ্গে সহায় কৰিছিল সেয়া কৈ শেষ কৰিব নোৱাৰি। জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত ৷ তেওঁৰ পিতৃ হৈছে কপিল বৰঠাকুৰ আৰু মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ ৷ তেওঁলোকৰ মূল ঘৰ আছিল শিৱসাগৰ জিলাৰ জাঁজীত ৷ কৰ্মসূত্ৰে দেউতাক আছিল মেজিষ্টেট ৷ সেয়েহে চাকৰিৰ খাতিৰত বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগীয়া হৈছিল তেওঁলোকৰ পৰিবাৰ ৷ তামুলপুৰত স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত জুবিন গাৰ্গে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল ৷তেওঁৰ কাহিনী লিখি শেষ কৰিব নোৱাৰি ৷ প্ৰাণৰ এই শিল্পীগৰাকীক হেৰুৱাই আজি উকা হৈ পৰিছে অসমীয়াৰ হৃদয় ৷সকলো আজি ম্ৰিয়মাণ, ক’বলৈ একো ভাষা নাই ৷ জুবিনক এনেদৰে হেৰুৱাই আজি একপ্ৰকাৰ শূন্য হৈ পৰিছে অসমে৷ কেতিয়াও ভাগৰি নপৰা’ সকলোৰে মৰমৰ ‘জুবিনদা’ চিৰদিনৰ বাবে গুচি গ’ল গৈ অচিন দেশলৈ কিন্তু থাকি গ’ল সকলোৰে অন্তৰত। অসম আৰু অসমীয়াৰ সংস্কৃতিৰ ভঁড়াল চহকী কৰা প্ৰাণৰো প্ৰাণ বুকুৰ আপোন জুবিন গাৰ্গে ললে শেষ বিদায়। সোণাপুৰতে চিৰদিনৰ বাবে জিৰণি ল’লে আমাৰ মৰমৰ জুবিনে । তুৰাৰ পৰা আৰম্ভ কৰি তামুলপুৰ, যোৰহাট, গুৱাহাটী, মায়ানগৰী মুম্বাইলৈ বৰ্ণিল জীৱনৰ অন্ত পেলাই সোণাপুৰৰ কমাৰকুছিত চিৰদিনৰ বাবে শুই পৰিল আমাৰ জুবিন গাৰ্গে। “জীৱন দুদিনীয়া আহে ও যায় ” গোৱা এই মহান শিল্পী গৰাকী সদায় আমাৰ মাজত জীয়াই থাকক,তাৰেই কামনা কৰিলো।