শিশু মনৰ আমাৰ জুবিন দা
অনামিকা( সংগীতা )কলিতা,শুৱালকুছি
এটা যুগৰ অৱসান ঘটিল
এনে অনুভৱ প্ৰতিটো দিনৰ দিনলিপি
সময়ৰ গতিশীল জীৱনৰ পৰিচয়
ঠিকনা বিহীন হৈ গুছি গ’ল
আমাৰ সকলোৰে মৰমৰ জুবিন দা
ধৰ্মৰ প্ৰচীৰ ভাঙি একতাৰ দোলেৰে গাঁঠিছে
শিশুৰ দৰে পবিত্ৰ মন নাই কোনো কলুষতা
বিচাৰে যায় মানুহৰ মৰম।
আজি তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ’ল
কিন্তু যুগে যুগে অনুৰাগীৰ হৃদয়ত উজ্জ্বলি থাকিব
আকৌ নতুন দিগন্ত হৈ আহিব
জগতক পোহৰ বিলাবলৈ—