শিল্পী জুবিন গাৰ্গৰ অন্তিম যাত্ৰাত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি, জ্যেষ্ঠ নেতা

শিল্পী জুবিন গাৰ্গৰ অন্তিম যাত্ৰাত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি, জ্যেষ্ঠ নেতা

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ বাবে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, সাংসদ গৌৰৱ গগৈয়ে পুৱাৰ ভাগতে গৈ সোণাপুৰৰ কমাৰকুছিত উপস্থিত হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ লগতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনেও আজি অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই শিল্পীজনৰ প্ৰতি শেষ শ্ৰদ্ধা জনাই পুষ্পাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইফালে, অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগ আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত আজি সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ যোৱা জুবিন অনুৰাগীৰ মাজত খোৱাপানী বিতৰণ কৰা হয়। সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামতো সোমবাৰে বিয়লিৰ পৰা নিশা পৰ্যন্ত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উদ্যোগত খোৱাপানী যোগানৰ ব্যৱস্থা কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে সোমবাৰে আবেলিৰ পৰা নিশা পৰ্যন্ত জুবিন গাৰ্গৰ নশ্বৰ দেহৰ কাষত উপস্থিত থাকি তেওঁৰ পৰিবাৰ গৰিমা শইকীয়া গাৰ্গ আৰু আত্মীয়-স্বজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।