আত্মসমালোচনাৰ প্ৰয়োজন – আয়শা ছিদ্দিকা

Pc Leaderonomics

আত্মসমালোচনাৰ প্ৰয়োজন

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা

তথা কথিত ৰূপত আমি আধুনিক। মাত্ৰ সাঁজ পোছাকৰ ক্ষেত্ৰতহে আধুনিকতাৰ পৰশ পাইছোঁ যেন অনুভৱ হয়।আমাৰ চিন্তা ভাৱনা ব্যৱহাৰ কোনো এটাত যুক্তি আৰু আধুনিকতা খুঁজি পোৱা বতাহত শিল ভাঁহি থকাৰ দৰেই । আমি নিজকে আধুনিক বুলি অভিহিত কৰোঁ। চকুৰ আগত দেখা এই দৃশ্যই আমাক সান্ত্বনা দিয়ে উজ্জ্বল দীপালিকা, দ্ৰুতগামী যান-বাহন, হাতৰ মুঠিত বিশ্ব সংযোগ কৰা অত্যাধুনিক যন্ত্ৰ (মোবাইল ফোন)। আমাৰ সাজ-পোচাক, কথোপকথনৰ শৈলী, বাহ্যিক ৰূপ-ৰেখা সকলোতেই যেন সময়ৰ সৈতে তাল মিলাই চলিবলৈ আমাৰ এক অদম্য স্পৃহা।

 এই আধুনিকতাৰ পৰিধি কেৱল বাহ্যিকতাৰ মাজতেই সীমাবদ্ধ যেন নালাগে নে …… ?

আমাৰ চিন্তা-চৰ্চা, বিশ্বাস আৰু দৈনন্দিন ব্যৱহাৰৰ গভীৰত খোঁজ ল’লে আমি দেখিবলৈ পাওঁ যে আমাৰ আধুনিকতা কেৱল মুখাৱৰণৰে আৱৰা। মুখাৱৰণটো উজ্জ্বল, জ্যোতিময় কিন্তু ইয়াৰ আৱৰণত থকা মুখখনি হ’ল পৰম্পৰাগত সংস্কাৰ, অন্ধবিশ্বাস আৰু যুক্তিহীনতাৰে ভৰা। আমাৰ সমাজ এখনত দুটা যুগ একেলগে বাস কৰি আছে।বাহিৰৰ খোলাটো একবিংশ শতিকাৰ, কিন্তু ভিতৰৰ স্পন্দন আজিও মধ্যযুগীয়। এই পৰস্পৰবিৰোধিতাই আমাক কৰিছে আত্মবিচ্ছিন্ন।

আচলতে আমি বৈজ্ঞানিক সত্যতকৈ গ্ৰহ-নক্ষত্রৰ অৱস্থানত বিশ্বাস কৰোঁ, ডাক্তৰতকৈ ওঝাৰ ওচৰলৈ যোৱাটো বেছি সহজ যেন পাওঁ। আমি উচ্চশিক্ষিত হ’লোঁ, কিন্তু জ্যোতিষীৰ ভৱিষ্যৎবাণীতকৈ বাস্তৱ আৰু বিজ্ঞানক বেছি গুৰুত্ব আৰোপ নকৰোঁ। আমাৰ যুক্তি-বিজ্ঞানৰ চিন্তা এনে দুৰ্বল যে সি সামাজিক কুসংস্কাৰ, ধৰ্মীয় গোঁড়ামিৰ আগত নত স্বীকাৰ কৰে। আমাৰ বাবে বতাহত শিল ভাঁহি নিয়াটো যিমান অস্বাভাৱিক, আমাৰ চিন্তা-ভাবনাত যুক্তি আৰু আধুনিকতাৰ স্থান থকাটোও ঠিক সিমানেই স্বাভাৱিক হৈ পৰিছে। এনে বিৰোধৰ মূল কাৰণ হ’ল আমাৰ শিক্ষা আৰু দৃষ্টিভংগীৰ অভাৱ। আমাৰ শিক্ষাই আমাক ডিগ্ৰী দিয়ে ঠিকেই  সচেতন নাগৰিক হিচাপে গঢ়ি তোলাত ব্যৰ্থ। হয়তো এনেকুৱা আমি নিজেই সেই শিক্ষা গ্ৰহণ কৰাৰ অনাগ্ৰহী। আমাৰ চিন্তাৰ সঁজুলি বাহ্যিক জ্ঞান-বিজ্ঞানৰে সজ্জিত, কিন্তু ভাৱনাশক্তি পুৰণি ধ্যান-ধাৰণাৰে বান্ধ খাই আছে। যাৰ ফলত, আমি নতুন যুগৰ সাজ পিন্ধি, নতুন আহিলা ব্যৱহাৰ কৰিও, পুৰণি মানসিকতাৰে জীৱন কটাওঁ।

আপুনি জানেনে ইয়াৰ পৰিণতি যে অতি ভয়াৱহ। ব্যক্তিৰ জীৱনত এনে চিন্তাই  আমনি আৰু হতাশাৰ সৃষ্টি কৰে, আৰু সমাজ এখনক পিছপৰা আৰু অনগ্ৰসৰ কৰি ৰাখে। যি সমাজে যুক্তিক প্ৰাধান্য নিদিয়ে, বিজ্ঞানমনস্ক দৃষ্টিভংগী গঢ়ি তুলিব নোৱাৰে, সি কেতিয়াও প্ৰকৃত অৰ্থত আগবাঢ়িব নোৱাৰে।

সেয়ে বৰ্তমান সময়ত প্ৰয়োজন আত্মসমালোচনাৰ।

আমি কিমানখিনি যুক্তিসংগত সেইয়া নিজেই অনুধাৱন কৰিব পৰা হ’ব লাগে।আমাৰ সাজ-পোছাকৰ দৰে আমাৰ চিন্তা-ভাবনাকো আধুনিক কৰি গঢ়ি তোলাটো নিতান্তই প্ৰয়োজনীয়। যুক্তি, বিজ্ঞান আৰু মানৱীয় মূল্যবোধৰ মিশ্ৰণতহে আমাৰ ব্যক্তিগত জীৱন আৰু সামূহিক সমাজ জীৱন প্ৰকৃত অৰ্থত আধুনিক হ’ব পাৰে। তেতিয়াহে আমাৰ আধুনিকতাৰ মুখাৱৰণ পৰিৱৰ্তে আধ্যাত্মিকতাৰ অংশ হ’ব পৰিব।