অসুস্থ জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ অসুস্থ। ষ্টেচাৰেৰে এম্বুলেঞ্চলৈ আনিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু পাপনে। অসুস্থ হৈ পৰা পিতৃ কপিল বৰঠাকুৰক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ। জুবিনৰ পিতৃ কপিল বৰঠাকুৰৰ সৈতে চিকিৎসালয়লৈ আহিছে পাপন। পুত্ৰ জুবিন গাৰ্গক শেষশ্ৰদ্ধা কৰিবলৈ জুবিনক্ষেত্ৰত উপস্থিত হৈছিল কপিল ঠাকুৰ। সোণাপুৰৰ কমাৰকুছিত চিৰিদিনৰ বাবে শুই পৰিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। বিগত কিছুদিন ধৰি অসুস্থ হৈ আছে জুবিন গাৰ্গৰ পিতৃ।