জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত শেখৰজ্যোতি গোস্বামীৰ চাঞ্চল্যকৰ ভাষ্য
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ১৯ ছেপ্টেম্বৰত ৰহস্যজনকভাৱে ছিংগাপুৰত মৃত্যু হয় জুবিন গাৰ্গৰ ।তেওঁৰ এই অকাল মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি । ছিংগাপুৰত জুবিনৰ সৈতে ১৯ ছেপ্টেম্বৰত কি ঘটনা সংঘটিত হৈছিল? অসমবাসীৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুক লৈ চলি থকা ক্রিয়া-প্রতিক্ৰিয়াৰ মাজতে পুনৰ বিষয়টোক লৈ আৰম্ভ হৈছে বিতর্ক। বিশেষকৈ নর্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ জুবিন গাৰ্গৰ সৈতে যোৱা তেওঁৰ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীয়ে শেহতীয়াকৈ প্রকাশ কৰা কেইবাটাও বিস্ফোৰক ভাষ্যই জুবিনৰ মৃত্যুৰ প্ৰসংগটো পুনৰ জোকাৰিছে। এক অভাৱনীয় পৰিস্থিতিৰ মাজেৰে জুবিন গাৰ্গৰ নশ্বৰদেহৰ সৈতে ছিংগাপুৰৰ পৰা নতুন দিল্লীত আহি পোৱা শেখৰজ্যোতি গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা একাধিক ভাষ্যত স্পষ্ট হৈ পৰিছে কিদৰে জুবিনৰ স্বাস্থ্যৰ প্ৰতি ছিংগাপুৰত অৱহেলা কৰা হৈছিল। উল্লেখ্য যে জুবিনৰ মৃত্যুত ৰাজ্যবাসী শোকার্ত হৈ থকাৰ সময়তে জুবিন ফেন ক্লাবৰ এজন বিষয়ববীয়াৰ সৈতে শেখৰজ্যোতি গোস্বামীৰ হোৱাটছএপৰ বাৰ্তালাপ ভাইৰেল হৈছিল। এই বার্তালাপতেই শেখৰজ্যোতিয়ে মন্তব্য কৰিছিল- দাদা ছিংগাপুৰত ঢুকালে, কিন্তু ইয়াত থাকিলেও ঢুকালে হয়। হাস্পতাল গৈ নাপালেই, ৰিপ’ৰ্ট বনাবলৈহে লৈ গৈছিল দাদাক। ইণ্টাৰনেলি দাদা একেবাৰে ঠিক নাছিল। হোৱাটছএপৰ ভাইৰেল বাৰ্তালাপক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে শেখৰজ্যোতি গোস্বামীয়ে ছিংগাপুৰত সংঘটিত ঘটনা সন্দৰ্ভত কয়- য়টৰ পৰা দাদা (জুবিন) ক পানীত নামিবলৈ কেইবাজনেও জেক দিছিল। সেই সময়ত মই সমুদ্রত সাঁতুৰি আছিলোঁ। দূৰৰ পৰা মই দেখি আছিলোঁ দাদাক। লাইফ জেকেট নোহোৱাকৈয়ে পানীত নামি সাঁতুৰি আছিল। প্রায় ৫০ মিটাৰ দূৰত মই আৰু ১০০ মিটাৰমান দূৰত সিদ্ধার্থ আছিল। হঠাতে দাদা তলমূৰ কৰি পানীত ওপঙি থকা দেখি মই ওচৰ চাপি গৈ দাদাক ধৰিলোঁ। মূৰটো ওপৰলৈ উঠাই দিয়াত দাদাৰ মুখেৰে বমি ওলাই আহিছিল, নাকেৰেও পানী ওলাই আহিছিল। মই কি হৈছিল একো ধৰিবই পৰা নাছিলোঁ। কল্পনাই কৰিব পৰা নাছিলোঁ, দাদাৰ এনেকুৱা কিবা এটা হ’ব। এনে অৱস্থাত মই চিঞৰি য়টত থকাসকলক মতাত লগে লগে কোচগার্ড এজনে সাঁতুৰি আহি দাদাক ধৰিলে। তেনেদৰে দাদাক য়টলৈ উঠাই দিয়া হ’ল। তেতিয়াই প্রত্যক্ষ কৰিছিলোঁ দাদাৰ ওঁঠ নীলা হৈ গৈছে। ভৰিৰ আঙুলি নীলা হৈ পৰিছে। কেইবাবাৰো চিপিআৰ দিয়াৰ পিছতো সুস্থ নোহোৱা দাদাক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। দাদা পানী-জুইৰ ওচৰলৈ যাব লাগে নে নেলাগে, মই নাজানোঁ। দাদাই কি দৰব খাব লাগে সেই কথাও মই নাজানোঁ। এইবোৰ কথা সিদ্ধার্থ (মেনেজাৰ)ই জানে। আগদিনা ৰাতি দাদাই মোক পুৱা সাগৰলৈ যাম সোনকালে উঠিবি বুলি কৈছিল। দাদাৰ পুৱা মানে দুপৰীয়া। দাদাই আমাৰ কথা নুশুনে, নিজৰ মতেই কৰে। সাগৰত নমাৰ ক্ষেত্ৰতো মই বাধা দিলেও নুশুনিলেহেঁতেন। কাৰণ কেইবাজনেও দাদাক পানীত নামিবলৈ জেক দি আছিল। তেনেস্থলত এজন মানুহৰ কথা ক’ত শুনিব? দাদাক পানীত নমাত সিদ্ধার্থই বাধা দিয়াৰ কথা মই শুনা নাই। এনেদৰে জুবিন গাৰ্গৰ দুৰ্ঘটনা সন্দৰ্ভত বিস্তৃত বিৱৰণ দাঙি ধৰা শেখৰজ্যোতিয়ে প্রকাশ কৰিলে আন এক বিস্ফোৰক তথ্য। জুবিনৰ বাদ্যযন্ত্রী শেখৰজ্যোতিয়ে প্রকাশ কৰা অনুসৰি এক অনাকাংক্ষিত পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যুত তেওঁৰ শৰীৰ নতুন দিল্লালৈ লৈ অনা হৈছিল। নতুন দিল্লীত অসম চৰকাৰৰ হাতত জুবিনৰ নশ্বৰদেহৰ কফিন অৰ্পণৰ পিছতেই জুবিনৰ মেনেজাৰ সিদ্ধার্থই গুৰুত্বহীন কৰিছিল তেওঁক। শেখৰজ্যোতিয়ে কয়- দিল্লীত দাদাৰ নশ্বৰদেহ অৰ্পণৰ পিছতেই সিদ্ধার্থই মোক কৈছিল- আমি দিল্লীত থাকিব লাগিব অথবা কলকাতা হৈ শ্বিলঙলৈ যাব লাগিব। তাৰ ছিটুৱেচন (অসম) খুব ভাল নহয়। কিন্তু মই ইয়াত আপত্তি কৰি ক’লোঁ- মই কিয় অসমলৈ নাযাম? মোৰ কি দোষ? লুকাই-চুৰকৈ মই থাকিব নোৱাৰোঁ বুলি কোৱাত মোক এৰি সিদ্ধার্থ আঁতৰি গ’ল। দিল্লীত মই নোখোৱা নেমেলাকৈ সম্পূর্ণ অকলশৰীয়া হৈ পৰিছিলোঁ। ম’বাইলত চার্জ নাছিল। দাদাৰ মৃত্যুৰ পিছত মোৰ যে প্ৰয়োজন নাই, তাক স্পষ্ট কৰি দিছিল সিদ্ধার্থহঁতে। দাদাক আনিবলগীয়া চার্টার্ড ফ্লাইটত মোৰ বাবে ঠাই নাছিল। মোৰ বন্ধু এজনে অৱশেষত ইণ্ডিয়া এয়াৰলাইনছৰ টিকট এটা কাটি দিয়াতহে মই আহিবলৈ সক্ষম হ’লোঁ। কিন্তু আচৰিত ধৰণে সেইখন ফ্লাইটতেই দাদাৰ কফিনো লৈ আহিছিল যে মই গুৱাহাটীত আহিহে গম পাইছিলোঁ। ইফালে দুর্ঘটনা সংঘটিতৰ সময়ত শ্যামকানু মহন্ত উপস্থিত নাছিল বুলি জানিবলৈ দিয়া শেখৰজ্যোতি গোস্বামীয়ে কয় যে দাদাক চিকিৎসালয়লৈ নিয়াৰ পিছত পুৱতি নিশা ৪ বজালৈ ছিংগাপুৰ আৰক্ষীয়ে আমাক জেৰা কৰিছিল। পাছত হোটেল আহি পাওঁতেহে শ্যামকানু মহন্তই আমাক দেখা কৰিছিল। ইফালে শেখৰজ্যোতি গোস্বামীহঁতে জুবিন গাৰ্গৰ যত্ন ল’লে সিদ্ধার্থ শর্মাই বেয়া পাইছিল বুলি আঙুলিয়াই শেখৰজ্যোতিয়ে কয়- বহু সময়ত আমি দাদাৰ শাৰীৰিক অৱস্থালৈ চাই কিছু কথাত বাধা দিছিলোঁ যদিও সিদ্ধার্থই এইবোৰ দিশ আমি চাব নালাগে বুলি সোঁৱৰাই দিছিল। আনহাতে দুৰ্ঘটনাৰ দিনা ছিজাৰত আক্ৰান্ত জুবিনে নিশা দৰব খাবলৈ পাহৰি গৈছিল। এই কথা দুৰ্ঘটনাৰ পিছতেই উল্লেখ কৰিছিল জুবিনৰ লগত যোৱা গায়িকা অমৃত প্রভা মহন্তই। গায়িকাগৰাকীয়ে ঘটনাৰ সময়ত য়টত উপস্থিত আছিল। সংবাদ মাধ্যমৰ আগত আজি তেওঁ কয়- জুবিনদাৰ মুখেৰে ফেন ওলোৱা দেখিছিলোঁ। প্রথমে এয়া ছিজাৰ এটেক বুলি ভাবিছিলোঁ। অচেতন হৈ পৰা জুবিনদাৰ মূৰটো হাউলি পৰিছিল। নিশা জুবিনদাই মেডিচিন নোখোৱা কথাটো মই পিছতহে গম পাইছিলোঁ। উল্লেখ্য যে অমৃতপ্রভাই মেডিচিন নোখোৱা বিষয়টোৰ কথা শেখৰজ্যোতি গোস্বামীয়ে উল্লেখ কৰিছে। শেখৰজ্যোতিয়ে ইয়াকো উল্লেখ কৰে যে দুর্ঘটনা সংঘটিতৰ আগদিনা ৰেষ্টুৰেণ্ট এখনত দাদাই গান গাইছিল আৰু নিয়মিতভাৱে লোৱাধৰণে সুৰাও সেৱন কৰিছিল। যোৱা এবছৰৰ পৰাই দাদাৰ শাৰীৰিক ভাগৰৰ কথা মই দেখি আহিছিলোঁ। কিন্তু মানসিকভাৱে দাদা যথেষ্ট সক্রিয় আছিল। যিহেতু দাদাৰ এটা মেনেজমেন্ট টীম আছে। গতিকে এই বিষয়বোৰ তেওঁলোকে চাই আছে বুলি মই আঁতৰি আছিলোঁ। সাগৰৰ মাজত উক্তদিনা দাদাই কফি ফ্লেভাৰ থকা বীয়েৰ পান কৰিছিল আৰু এটুকুৰা গাহৰি মাংস খাইছিল। পানীৰ মাজত দুৰ্ঘটনাৰ সময়ত দাদাৰ মুখেৰে এই বীয়েৰ আৰু মাংসৰ অৱশিষ্ট ওলাই আহিছিল। ইফালে জুবিনৰ লগত দীর্ঘ সময় কটোৱা শেখৰজ্যোতিয়ে কয়- চিকিৎসালয়লৈ নিয়াৰ পিছত দাদাৰ ওচৰলৈ আমাক যাব দিয়া হোৱা নাছিল। হাস্পতাল ক’ত সেয়া আমি গমেই নাপাওঁ। সমগ্র ঘটনাক লৈ ছিংগাপুৰ আৰক্ষীয়ে ১০-১২ ঘণ্টা জেৰা চলাইছিল। শেখৰজ্যোতিয়ে ভাইৰেল হোৱা হোৱাটছএপ বার্তালাপৰ এক তথ্য সন্দৰ্ভত কয়- দাদাৰ বেংকত কিমান পইচা জমা আছে সেয়া গৰিমা বৌ অথবা মেনেজমেন্ট টীমেহে জানে। যদি ১০ টকা আছে বুলি সেয়াও আমি মানি ল’ব লাগিব। কিন্তু কিছুবছৰ পূর্বে দাদাই এটা প্র’ পার্টী ক্ৰয় কৰিব বিচাৰিছিল। খাৰঘুলিত অর্ধনির্মিত এটা ঘৰ ক্ৰয় কৰিব বিচাৰি দাদাই সিদ্ধার্থহঁতক ফোন কৰি প্ৰ’পাৰ্টীটোৰ কথা কৈছিল। কিন্তু এই প্র’পার্টীটো কিনিবলৈ বেংকৰ লোন নাপাব অথবা তেওঁৰ হাতত টকা নাই বুলি সিদ্ধার্থহঁতে স্পষ্ট কৰিছিল। যাক লৈ দাদা ক্ষুব্ধ হৈ পৰিছিল আৰু ফোন দলিয়াই কান্দি মোক কৈছিল- ৩০ বছৰ গান গাই ৫ কোটি টকাৰ মানুহ নহ’লোঁ। সৰু ল’ৰাৰ দৰে আছিল দাদা, কিবা এটা বস্তু পছন্দ হ’লে তেওঁক লাগিবই। তেনেধৰণৰ আছিল তেওঁ।