আজি দিনৰ ২ বজাৰ পৰা দোকান-বজাৰ খোলাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

আজি দিনৰ ২ বজাৰ পৰা দোকান-বজাৰ খোলাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমবাসীক শোক সাগৰত পেলাই ছিংগাপুৰত দুর্ভাগ্যজনকভাৱে অকাল বিয়োগ ঘটা জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনোৱাৰ নামত বলপূর্বকভাৱে দোকান-পোহাৰ বন্ধ কৰাকে ধৰি দুষ্কার্যত লিপ্ত হোৱাসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰতম ব্যৱস্থা গ্রহণ কৰিব। এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। যোৱা কালি জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনত আয়োজিত এক সংবাদ মেলত আজি বিয়লি ২ বজাৰ পিছত দোকান-পোহাৰ আদি বন্ধ কৰিবলৈ চেষ্টা কৰাসকলক সকীয়াই দিয়ে। তেওঁ কয় যে বিয়লি ২ বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান-পোহাৰ আদি বন্ধ কৰিবৰ চেষ্টা কৰিলে চৰকাৰে কঠোৰ ব্যৱস্থা ল’ব। কঠোৰেই নহয়, চৰকাৰ এইক্ষেত্রত অত্যন্ত কঠোৰ হ’ব। কাকোৱেই আইন হাতত তুলি ল’বলৈ দিয়া নহ’ব। ব্যৱসায়ীসকলকো বিয়লি দুই বজাৰ পিছত নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ তেওঁ আহ্বান জনায়। ব্যৱসায়ীসকলক উদ্দেশ্যি তেওঁ কয় যে বিয়লি দুই বজাৰ পিছত আপোনালোকে সুন্দৰকৈ ব্যৱসায় আৰম্ভ কৰক। অসম চৰকাৰ আপোনালোকৰ লগত আছে। জুবিন গার্গে অসমক প্রাণভৰি ভাল পাইছিল। বিশেষকৈ দুখীয়া-দৰিদ্ৰ মানুহৰ প্ৰতি তেওঁৰ সহমর্মিতা আছিল অত্যন্ত মানবীয়। গতিকে সমগ্ৰ পৰিস্থিতিটোত যাতে দৰিদ্ৰ ব্যৱসায়ীসকল পণবন্দী হ’ব নালাগে, তাৰ বাবে মই আকৌ এবাৰ অনুৰোধ জনাইছোঁ। জুবিন গাৰ্গক অসন্মান কৰি বিগত কেইটামান দিনত অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰাসকলৰ ভিডিঅ’গ্ৰাফী ইতিমধ্যে কৰা হৈছে বুলি তেওঁ সদৰী কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয় যে লাহে লাহে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কামো আৰম্ভ কৰিব। কাৰণ জুবিন গাৰ্গ জনতাৰ শিল্পী আছিল। উচ্ছৃংখল সমাজৰ প্ৰতিনিধি নাছিল। উদ্ভণ্ডালি কৰা এইসকল ল’ৰাৰ বাবেই প্রকৃত জুবিন অনুৰাগীয়ে সোমাব পৰা নাছিল সৰুসজাইত। কালি জু-ৰোডত ফার্মাচী এখনো ভাঙিবলৈ যত্ন কৰিছিল। এইবিলাক মানি ল’ব পৰা কথা নহয়। এনেধৰণৰ কাৰ্য আজি বিয়লি দুই বজাৰ পিছত কঠোৰ হাতেৰে দমন কৰিম। আমি জুবিন গাৰ্গক অতি সম্মানসহকাৰে বিদায় দিব বিচাৰিছোঁ। মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰা মতে, ভুৱা জুবিন অনুৰাগীয়ে বৈদ্যুতিন সংবাদ প্রতিষ্ঠান নিউজ ১৮ৰ কেমেৰা পৰ্যন্ত ভাঙিছে। যুৱতী সাংবাদিকক অত্যাচাৰ কৰিছে। পৰৱৰ্তী সময়ত ইয়াৰ আলোকচিত্র দেখুওৱা বুলি উল্লেখ কৰি তেওঁ কয় যে প্রকৃত জুবিন অনুৰাগীৰ সংখ্যা বৃহৎ। কিন্তু কেইজনমানে হাইজেক কৰিব বিচাৰে। ভুৱা জুবিন অনুৰাগীয়ে প্রকৃত জুবিন অনুৰাগীক শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ দিয়া নাই। চৰকাৰখনক দিগদাৰত পেলাবলৈ এনেধৰণৰ দুষ্কার্যত এটা অপশক্তি জড়িত হৈ থকা বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে।