চন্দ্ৰাৱলী – মিতালি বৰঠাকুৰ

Pc Unsplash

চন্দ্ৰাৱলী

মিতালি বৰঠাকুৰ,মালিগাওঁ 

আকৌ আহিম বুলি জোনটো  আঁতৰি যায়
আকৌ আহিম বুলি ফাগুণেও  কথা দি যায়
আৱেলিৰ বেলিয়েও প্ৰতিশ্ৰুতি দিয়ে
আকৌ আহিম বুলি

মোৰ বাবে তুমিটো নোহোৱা আবেলিৰ বেলি ,
কিম্বা ৰাতিৰ জোন ।
তুমিটো বৈ আহা এজাক মিঠা বৰষুণ হৈ
নিশব্দে মোৰ হৃদয়ৰ মাজে মাজে
তুমি যে মোৰ প্ৰতি নিশাৰ এমুঠি চন্দ্ৰাৱলী।