হাতীমূৰাৰ শেষকৃত্যৰস্থলীত উপস্থিত হ’লগৈ জুবিনৰ নশ্বৰ দেহ
ৰঙিলী বাৰ্ত্তাসেৱা- সোণাপুৰৰ হাতীমূৰাত উপস্থিত হ’লগৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন। কিছু সময়ৰ পাছতে ইয়াত অনুষ্ঠিত হ’ব শেষকৃত্যৰ অনুষ্ঠান। সৰুসজাইৰ পৰা সোণাপুৰলৈকে সমগ্ৰ পথৰ দুয়োকাষে ভিৰ কৰিছে জনতাই। ঠায়ে ঠায়ে জুবিনক কঢ়িয়াই নিয়া পুষ্পসজ্জিত বাহনৰ কাষ চাপি আহিছে জনতা। জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহনৰ পাছে পাছে গৈছে বহু অনুৰাগীও। হাতীমূৰাত আছে হাজাৰ হাজাৰ অনুৰাগী। উপস্থিত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু।উপস্থিত আছে বিৰোধী ৰাজনৈতিক দলৰ নেতাও। আছুকে ধৰি অন্যান্য দল, সংগঠনৰ নেতা, সাংস্কৃতিক কৰ্মীও আছে শেষকৃত্যৰস্থলীত।