কিমান কান্দিম আৰু….
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি
গোটেই বিশ্বৰ ভিতৰতে চতুৰ্থ সৰ্ব বৃহৎ জুবিন দাদাৰ শেষযাত্ৰাৰ সহভাগি হৈ এক অনন্য বিশ্ব অভিলেখ গঢ়িলে। জুবিন দাদাৰ অনুৰাগী সকলৰ মাজত কেৱল এক কৌতূহল। কেনেকৈ ইমান অতি সোনকালে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে চিৰবিদায় কবলৈ বাধ্য কৰালে নিয়তিয়ে। নিয়তিৰ ন্যায়িক ব্যবস্থাবোৰ সচাকৈ বৰ নিষ্ঠুৰ নেকি ? যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা কেৱল মাথোঁ উজাগৰে আছে অসম তথা গোটেই বিশ্ববাসী। আকাশে,বতাহে চৌদিশে কেৱল মাথু বাজি আছে আপোনাৰে এক অন্যতম প্ৰিয় সৃষ্টি ‘ মায়াবিনী ৰাতিৰ বুকুত…….’ । জুবিন দাদা আপুনিতো অসুস্থ দেহাৰ প্ৰতিও অকনমানো খাতিৰ নকৰাকৈ সাগৰ তলিত শুই থাকিল। আচলতে আপোনাৰ ব্যক্তিত্বয়ে আমি সকলোবোৰ মানুহতকৈ বহু পৃথক। নিৰ্ভিক,আৰু স্পষ্টবাদী ব্যক্তিত্বৰ অধিকাৰী আছিল আপুনি। তথাপিও অকনমান আপোনাৰ প্ৰিয়জনৰ কথাবোৰ ভাবি আপুনি যদি নিজকে কিছু সংযম কৰি ৰাখিলেহেতেন ? হয়তো আজি আপোনাক আমাৰ মাজত এক জীৱিত সত্তৰ ৰূপত আৰু কিছুদিনৰ বাবে হলেও এক অন্যান্য অনুষ্ঠানৰ ৰূপত পূজিত কৰি ৰাখিবলৈ যত্ন কৰিলোঁ হয়। দাদা আপোনাক জীৱিত অবস্থাত আমি বিশ্ববাসীয়ে আপোনাক যিমান মান,মৰ্যদা,সন্মান,আদৰ,মৰম আদি প্ৰদান কৰি যাব লাগিছিল হয়তো তাৰ পৰা আপুনি সদায় বঞ্চিত হৈ ৰল যেন মোৰ অনুভৱ হয়। তথাপিও ইয়াৰ পৰবৰ্তী পৰ্যায়ত মই অসম তথা বিশ্ববাসীলৈ এক অনুৰোধ জুবিন দাদাৰ মৃত্যুৰ নামত আৰু কোনেও যাতে কতো ৰাজনীতি কৰিবলৈ ওলাই অহা দেখা নাপাওঁ। কাৰণ জুবিন দাদা আমাৰ বাবে কিমান অমূল্য সম্পদ আছিল আজি তেওঁৰ মৃত্যুৰ সময়ত গোটেই বিশ্ববাসী উপলব্ধি কৰিবলৈ বাধ্য হৈছে। এজন সাধাৰণ মানুহে কেৱল মাত্ৰ ৫৩ বচৰৰ ভিতৰত ৩৮ হেজাৰতকৈ অধিক গানত সুৰ প্ৰদান কৰা ইয়ো এক অন্যতম অভিলেখ। জুবিন দাদায়ে অসম তথা বিশ্ববাসীৰ বাবে বহু অন্যান্য উপহাৰ সমূহ দি থৈ গল। যিবোৰ হয়তো চিৰযোগমীয়া হৈ প্ৰতিটো মানুহৰ অন্তৰে অন্তৰে সদায় বাজি থাকিব। কিন্তু জুবিন দাদাক আমি জীৱন কালত উচিত মৰ্যাদা প্ৰদানৰ পৰা সচাকৈ বঞ্চিত কৰি ৰাখিলোঁ নেকি বাৰু ? দাদা কিমান কান্দিম আৰু…। আমাৰ চকুৰ টোপালবোৰত আপোনাৰে ছবি ভাহি আছে মাথোঁ। বিদায় জুবিন দা বুলি কওঁতো কওঁ কেনেকৈ ? শব্দ যদি থাকিলে হয় নিশ্চয় লিখি পেলালোঁ হয় দাদাৰ শেষ শয্যাৰ গান। কিন্তু গানবোৰ আজি নিজেই গানৰ মাজত আৱদ্ধ। আৰু কোন বা আহিব, আহিব নে নাহে এই আই মাতৃ অসমত আবদ্ধ গানবোৰক পুনৰ এবাৰ প্ৰাণ প্ৰদান কৰিবলৈ ?