শিল্পী তোমাৰ দেহাৱসানত – ৰাজলক্ষ্মী বৰঠাকুৰ

শিল্পী তোমাৰ দেহাৱসানত
এটুপি চকুলোৰে শেষ
শ্ৰদ্ধাঞ্জলি

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও

 জুবিন দা

গান মানেই তুমি,
অসমৰ স্পন্দন, যুৱপ্ৰাণৰ ৰিদম।
প্ৰতিটো সুৰত উচপি উঠে,
ভালপোৱা, বিৰহ, উন্মাদনা—
এটা সম্পূৰ্ণ জীৱনৰ কাহিনী।
তোমাৰ কণ্ঠ
এজন কবিৰ কাব্য,
এজন বিপ্লৱীৰ হাঁহি,
এজন প্ৰেমিকৰ চকুপানি।
মঞ্চত তুমি বজ্ৰ,
শান্তিৰ সুৰত তুমি গগনৰ চাঁদ।
অতীত-ভৱিষ্যত
একে সুত্ৰত গাঁথি,
অসমক দিলি তুমি
এটা অমৰ পরিচয়—
“সুৰৰ জুবিন দা”।