সংগীতৰ সূৰ্যৰ আজি অস্ত গ’লঃ অসম সত্ৰ মহাসভা

সংগীতৰ সূৰ্যৰ আজি অস্ত গ’লঃ অসম সত্ৰ মহাসভা

ৰঙিলী বাৰ্ত্তাসেৱা- এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ প্ৰতিগৰাকী সংগীত অনুৰাগীক। ১৯৭২ চনৰ ১৮ নৱেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা জুবিন গাৰ্গে অসমীয়া, হিন্দী, বঙালী, বড়ো, উৰিয়া, তামিল, তেলেগু, ভোজপুৰী আদি বিভিন্ন ভাষাত গীত ৰচনা কৰি সুৰোপিত কৰাৰ লগতে নেপথ্যৰ গায়ক, সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক, বাদ্যযন্ত্ৰী লগতে কবি হিচাপে জনপ্ৰিয়তা অৰ্জন কৰি প্ৰতিজন অসমীয়াৰ হৃদয়ত নিগাজীকৈ স্থান ল’বলৈ সক্ষম হোৱাৰ উপৰিও আৰ্তজনৰ ওচৰত প্ৰতিটো মুহূৰ্ততে থিয় দি মানৱতাৰ পৰিচয় দি অহা জুবিন গাৰ্গে ১৯ ছেপ্টেম্বৰত চিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ স্কুভা ড্ৰাইভিংত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ২:৪৪ বজাত আকস্মিকভাৱে মৃত্যু হোৱা খবৰে মৰ্মাহত কৰিছে অসম সত্ৰ মহাসভাক। গুৰুজনাৰ অমূল্য সৃষ্টিৰাজি প্ৰাণৱন্ত কৰি আধ্যাত্মিকতাৰ বীজ সিঁচা জুবিন গাৰ্গৰ মৃত্যুত সংগীতৰ সূৰ্য আজি অস্ত গ’ল বুলি মত পোষণ কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰধান তথা মৰিগাঁওৰ কালশিলা সত্ৰৰ সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্ত আৰু সভাপতি তথা ধুবুৰীৰ ৰামৰায় কুটীৰ সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ প্ৰধানীয়ে। সংগীত সূৰ্যৰ প্ৰস্থানত গভীৰ শোক প্ৰকাশ কৰি অসম সত্ৰ মহাসভা গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক কমল কুমাৰ আৰু সভাপতি ডাঃ কণক চন্দ্ৰ তালুকদাৰে জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক প্ৰস্তাৱ প্ৰেৰণ কৰে। অসম সত্ৰ মহাসভা কেন্দ্ৰীয় সমিতিৰ লগতে অসম সত্ৰ মহাসভা গুৱাহাটী মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকগ্ৰস্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।