অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ মহাপুৰুষ শ্ৰী শ্ৰীমাধৱদেৱৰ অৱদান
অনামিকা (সংগীতা )কলিতা,শুৱালকুছি
শ্ৰী মন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু ।
তাহান্ত বিনাই নাহি নাহি নাহি
আমাৰ পৰম গুৰু ।
শ্ৰীমন্ত শংকৰদেৱৰ পৰম শিষ্য আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ।তেওঁৰ ১৪১১শঙ্কৰাব্দ ১৪৮৯খৃষ্টাব্দত উত্তৰ লক্ষ্মীমপুৰৰ নাৰায়ণ পুৰ লেটেকু পুখুৰীত জন্ম হৈছিল। পিতৃৰ নাম গোৱিন্দ গিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা । এগৰাকী ভনীয়েক আছিল নাম ঊৰ্বশী। তাইক ৰাম দাস আতৈৰ সৈতে বিয়া দিছিল।
মহাপুৰুষ মাধৱদেৱে প্ৰথমতে পূজা পাতল কৰিছিল কিন্তু এটি ঘটনাৰ পৰা শ্ৰীমন্ত শঙ্কৰদেৱৰ লগত মণিকাঞ্ছন সংযোগ হোৱাৰ পিছত এক শৰণ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল ।এয়া সম্ভৱ হৈ মহাপুৰুষ মাধৱদেৱৰ ভনী জোৱাই ৰাম দাস আতৈৰ যোগেদি ।ঘটনাটো এনে ধৰণৰ মহাপুৰুষ মাধৱদেৱ শাক্ত ধৰ্মত বিশ্বাসী ।এবাৰ মাধৱদেৱৰ মাতৃ মনোৰমা টান নৰিয়াত পৰিল বহুত বেজ ওজা লগোৱাৰ পিছত সুফল নাপালে। তেতিয়া দেৱীক পঠা ছাগলী এটা দিম বুলি মনে মনে তেওঁ প্ৰতিজ্ঞা কৰিলে। কিছুদিন পিছতে মাতৃৰ বেমাৰ ভাল হ’ল ।তেতিয়া ভনী জোঁৱাই ৰাম দাস আতৈক এটা পঠা ছাগলী আনিব দিলে কিন্তু তেওঁ নানিলে কাৰণ ৰাম দাস আতৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰু ভজিছিল। শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনা এক শৰণ বৈষ্ণৱ ধৰ্মৰ বিশ্বাসী আছিল। পূজা পাতল বিৰোধিতা কৰিছিল।মহাপুৰুষ গুৰুজনাৰ মতে এটা জীৱ বধ কৰি আন জীৱ কেতিয়াও সুখী হ’ব নোৱাৰে এই সকলোবোৰ শিষ্য সকলক বুজাইছিল। শিষ্য হিচাপে ৰাম দাস আতৈয়ে হৃদয়ত অনুভৱ কৰি মহাপুৰুষ মাধৱদেৱক ক’লে — এইবোৰ শুনি মহাপুৰুষ মাধৱদেৱৰ খং উঠিল, কোন এই শঙ্কৰদেৱ? যি দেৱী মাক অৱজ্ঞা কৰে তেওঁক এবাৰ পৰীক্ষা কৰি চাব লাগিব ।তাৰ পিছত শ্ৰীমন্ত শংকৰদেৱক সাক্ষাত কৰিলে , মহাপুৰুষ মাধৱদেৱ আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ শাস্ত্ৰৰ ওপৰত এখন বাকযুদ্ধ হয় । শ্ৰীমন্ত শংকৰদেৱে ভাগৱত বেদ শ্লোক আদি সকলো যুক্তি দি থাকিল মহাপুৰুষ মাধৱদেৱেও নিজৰ যুক্তি আগবঢ়ালে শেষত মহাপুৰুষ মাধৱদেৱ পৰাভূত হ’ল আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ শৰণ ল’লে।
তেতিয়াৰ পৰাই সমাজৰ কু-সংস্কাৰবোৰ নাশ কৰিবলৈ গুৰু দুজনাই চেষ্টা কৰিছিল।যাৰ কাৰণে সমাজ সংস্কাৰক গুৰ দুজনাই সত্ৰ /নামঘৰ আৰু বৰগীত আদি অনেক অৱদান আগবঢ়াই থৈ গৈছে ।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ দেৱে ধৰ্মৰ চাৰিখুঁটি মাৰি ভাগৱত ধৰ্মৰ পাতনি মেলিছিল ।এই ভাগৱত ধৰ্মৰ প্ৰৱৰ্তনৰ খাতিৰত চাৰিহাটি,দৌলগৃহ,মণিকূট,কীৰ্তন ঘৰ আদিত ভক্তগণ আদি সমাহাৰে জ্ঞানৰ আলোক বিতৰণ কৰিছিল ,যাক আমি নামঘৰ বুলি কওঁ । ইয়াত মহাপুৰুষ মাধৱদেৱ উল্লেখযোগ্য অৱদান আছে।
এই নামঘৰ বা কীৰ্তন ঘৰত হৰিৰ -কথা চৰ্চাৰ প্ৰসংগ ।য’ত গুৰু ,দেৱ ,নাম,ভকত এই চাৰি বস্তু। ১৫৮৩ খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰ স্থাপন কৰে।তিনি প্ৰসঙ্গৰ পৰিবৰ্তে চৈধ্য প্ৰসঙ্গ,গীত মাত ঘোষা আদি পৰিবেশন কৰে।
১৫/১৬ শতাব্দীত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰ দেৱে মহাপুৰুষ মাধৱ দেৱৰ সৈতে লগ-লাগি বজ্ৰাৱলী ভাষাত বৰগীত ৰচনা কৰে । ২৪০টা বৰগীত শঙ্কৰ দেৱে ৰচনা কৰিছিল । ৩৪ টা সংৰক্ষিত ।”কীৰ্ত্তন” ঘোষাক বেদৰ স্থান পাইছে। ঠিক তেনেকৈ ১৫৭টা মহাপুৰুষ মাধৱ দেৱে বৰগীত ৰচনা কৰিছিল।” । নামঘোষা মহাপুৰুষ মাধৱদেৱৰ ৰচিত গ্ৰন্থ সমূহৰ ভিতৰত কীৰ্তিস্তম্ভ,এই নামঘোষা খনত এহেজাৰ ঘোষা থকা কাৰণে হেজাৰী ঘোষা নামে পৰিচিত।
হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী ।
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি ।।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্য মহাপুৰুষ মাধৱদেৱে গুৰু বাক্য হৃদয়ত লৈ এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি বৃহত্তৰ সমাজখনৰ কু-সংস্কাৰ নাশ কৰিবলৈ যথেষ্ট কষ্ট কৰিছিল । যাৰ ফলস্বৰূপে অৰ্জুন ভঞ্জন নাটক,চোৰধৰা,পিম্পৰা,ভোজন বিহাৰ ইয়াৰ উপৰি জন্মৰহস্য নাম-মালিকা তত্ত্ব মূলক গ্ৰন্থ ৰচনা কৰি সমাজলৈ আগবঢ়াই থৈ গৈছে।
অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক বাস কৰিলেও মুঠতে সকলো বৃহত্তৰ এটা অসমীয়া জাতি বুলি অভিহিত।এই বৃহত্তৰ অসমীয়াৰ সমাজক পোহৰৰ সন্ধান দেখুৱাই আগবঢ়াই নিয়া আৰু এক শৰণ বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শিষ্য মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে।