নূপুৰ বৰাক নিলম্বন বা বৰ্খাস্তই নহয়, আইনৰ জৰিয়তে কঠোৰ শাস্তি দিয়া হ’ব: মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- তামুলপুৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এ চি এছ বিষয়া নূপুৰ বৰাৰ বিষয়ে উল্লেখ কৰি কয়, ‘‘নূপুৰ বৰাক কেৱল নিলম্বন বা বৰ্খাস্তই নহয় আইনৰ জৰিয়তে কঠোৰ শাস্তি দিয়া হ’ব ।’’ নূপুৰ বৰাক কেনেদৰে গ্ৰেপ্তাৰ কৰা হ’ল এই সম্পৰ্কে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘৬মাহ পূৰ্বে অসাংবিধানিকভাৱে বৰপেটাৰ এখন সত্ৰৰ মাটি তেওঁ ট্ৰান্সফাৰ কৰিছিল। যাৰ শাস্তি হিচাপে তেওঁক বৰপেটাৰ পৰা বদলি কৰা হৈছিল । মই নিজে চি এম ভিজিলেঞ্চক নূপুৰ বৰাৰ ওপৰত নজৰ ৰাখিবলৈ কৈছিলোঁ । যোৱা কিছুদিনৰ পৰা তেওঁ আমাৰ নজৰত আছিল । পৰহি তেওঁ নামচাই ৰিজ’ৰ্ট নামৰ এখন হোটেলত আছিল । আমি তেওঁক তাৰ পৰা ট্ৰেক কৰিছিলোঁ । তেওঁ ঘৰ আহি পোৱাৰ পিছত তেওঁক আমি এৰেষ্ট কৰোঁ আৰু তালাচী চলাও । এই তালাচীত ৯২ লাখ টকা, সোণৰ গহনা আৰু দুটা লকাৰ জব্দ কৰা হয় । আমি তেওঁৰ উপাৰ্জন আয়তকৈ চাৰিশ গুণ বেছি দেখিলো ।’’ তদুপৰি কোনো চৰকাৰী বিষয়াই কামৰ বাবদ টকা-পইচা বিচাৰিলে তাৎক্ষণিকভাৱে চি এম ভিজিলেঞ্চ, ভিজিলেঞ্চ অৱ ইক’ন’মিক জনাবলৈ ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । উল্লেখযোগ্য যে,সোমবাৰে ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত নূপুৰ বৰাৰ ঘৰত চি এম ভিজিলেঞ্চে অভিযান চলায়। গুৱাহাটী আৰু বৰপেটাৰ বাসগৃহৰ পৰা মুঠ ৯২ লাখ ৫০ হাজাৰ ৪০০ টকা নগদ ধনৰ লগতে ১ কোটি টকা মূল্যৰ হীৰা-সোণৰ অলংকাৰ জব্দ কৰে।