“শঙ্কৰে খন্দিলে নামৰে পুখুৰী মাধৱে বন্ধালে আলি
আলিৰ দূয়ো পাৰে ৰুলে কদমপুলি ভকতে জিৰাব বুলি”
নমিতা দাস
শুৱালকুছি শান্তিতোল
আৱে এহি ভকতিৰ শুনিয়ো সাধন ।
মোতে সমৰ্পিয়া কৰিবেক কৰ্মগন ।।
ভকত প্ৰতিমা মোৰ দুয়ো অধিস্থান ।
দুয়োকো পূজা দৰ্শন কৰিব অতিমান ।।
পৃথিৱীৰ ভিতৰতে ভাৰতবৰ্ষ হৈছে ধৰ্মনিৰপেক্ষ দেশ । অসম প্ৰদেশ আধ্যাত্মিক চিন্তা চৰ্চাৰে বিশ্বাসী ।বিভিন্ন দেৱ- দেবী পুজা অৰ্চনাৰ নামত বলি-বিধানে উচ্চ স্থান দখল কৰাৰ সময়তে মহাপূৰুষ শ্ৰীমন্ত শঙ্কৰ দেৱে এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰবৰ্তন কৰে।
মহাপূৰুষ গুৰু দুজনাই সিচিঁ যোৱা বৈষ্ণৱ ধৰ্মৰ প্ৰধান কাৰক হৈছে নাম-ধৰ্ম ।নামেৰে মানৱ সমাজলৈ জ্ঞানৰ অমৃত ভাণ্ডাৰ প্ৰদান কৰি গৈছে ।যাৰ দ্ধাৰা জীৱনৰ প্ৰয়োজনীয় সকলো জ্ঞান তত্ব আহৰণ কৰিবলৈ শিকাই ।
লৌকিক সংসাৰ খনত ব্যস্ত থকাৰ সময়তে আমি আমাৰ পঞ্চইন্দ্ৰি়য় জাগ্ৰত হৈ হিংসা, অন্যয়, অসুৱা বাসনাৰ প্ৰতি আকৃষ্ট নহৈ সত্য , শৌচ, দয়া, ক্ষমা কষ্টসহিষ্ণুতা আদি গুনবোৰৰ প্ৰতিও যাতে আকৃস্ত হৈ
জ্ঞান আৰু ভক্তিৰে সংসাৰ ধৰ্ম পালন কৰি যাব পাৰো তাৰ বাৱেই ভগবানৰ শ্ৰীচৰণত শৰণ লবলৈ মহাপূৰুষ দুজনাই আমাক বৈষ্ণব ধৰ্ম প্ৰবৱৰ্তন কৰি তাৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যে বৰগীত, ভাওনা,ঘোষা পদসমূহত ভগৱান শ্ৰীকৃষ্ণৰ অপাৰ মহিমা বৰ্ণনা কৰিছে ।
ভক্তি ৰস সমূহ ভক্ত গনৰ মাজত বৰ্ণনা কৰাৰ উদ্দেশ্যে নামঘৰ স্থাপন কৰি তাত পুৱা গধূলী ধূপ-চাকি জ্বলাই পবিত্ৰ মনেৰে পূজা-অৰ্চনা কৰি ভক্তি ৰসেৰেজীৱনৰ কৰ্তব্য পালন কৰিবলৈ যাতে উজু হৈ পৰে তাৰ বাৱে বিভিন্ন উপমা দাঙি ধৰি কৈছে যে পদূম ফুল পানীত ফুলিলেও কেতিয়াও পানী নলগাৰ দৰে।লৌকিক জীৱন অতিবাহিত কৰি আধ্যান্তিকতাৰে মনৰ দৃহতা আহিলে জীৱনৰ লক্ষ্যত উপনীত হৈ আনন্দ লাভ কৰি মানৱ জীৱনৰ পৰিপূৰ্ণতা আনিবলে গুৰু দুজনাই আমাক সৰল পথ দৰ্শাই গৈছে।
ভাই মুখে বোলাৰাম হৃদয়ে ধৰা ৰূপ ।
এতেকে মুকুতি পাইবা কহিয়োস্বৰূপ ।।
দুজনা গুৰুৰ মহান আদৰ্শই অসমীয়া সমাজ জীৱনৰ ভেটি দৃহ কৰি গৈছে।এইবিশ্ব ব্ৰহ্মাণ্ডৰ জীৱ সমুহৰ সৃষ্টি, স্থিতি, লয় প্ৰলয় আদিৰ কাৰক যে পৰমেশ্বৰ এই কথা চিৰসত্য ।সেয়ে আমি স্বিকাৰ কৰিবই লাগিব যে প্ৰতিটো জীৱতে ভগবান বিদ্য মান।মাত্ৰ গুন, কৰ্ম ৰূপ আদিহে পৃথক।
কুকুৰ শৃগাল গদৰ্ভৰো আত্মৰাম। ।
জানিয়া সবাকো পৰি কৰিবা প্ৰনাম ।।
সেয়ে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ এক শ্ৰীহৰিয়েই অনন্ত কোটি ৰূপে বিৰাজমান ।এনে জ্ঞান মূলক শক্তিৰ সাধনাৰেই অসমীয়াৰ জনজীৱন বিৰাজমান।