ড° ভূপেন হাজৰিকা : অন্য এক অনুভৱ – কবিতা শৰ্মা

ড° ভূপেন হাজৰিকা : অন্য এক অনুভৱ

কবিতা শৰ্মা
নতুন দিল্লী

১৯২৬ চনৰ ৮চেপ্তেম্বৰ … শদিয়া ৷ পুৱতি নিশা আইতাকে সপোন দেখিলে ৷ বুকু সুদা কৰি মৃত্যুক সাৱটি লোৱা পুত্ৰ আকৌ উভতি আহিছে ৷ আনন্দতে চকুলো সৰিছে আইতাকৰ ৷ পুৱতি নিশাৰ সপোন হেনো ফলিয়াই ! সচাকৈয়ে অনাথ উভতি আহিছে ৷ আইতাকৰ শুণ্য হৃদয় পুনৰবাৰ ভৰি উঠিল ৷ আইতাকে নাম থলে — অনাথ ৷ মাক – দেউতাকে নাম থলে — ভূপেন্দ্ৰ কুমাৰ হাজৰিকা ৷ চমুকৈ ভূপেন হাজৰিকা ৷ পৰৱৰ্তীকালত সকলোৰে হৃদয়ত স্থান লাভ কৰা কেইবাটাও প্ৰজন্মৰ বাবে —কেবল মাত্ৰ “ ভূপেনদা ”৷ তেওঁৰ নামটোৱেই যেন প্ৰতিজন মন-প্ৰাণ জুৰোৱা এছাটি শীতল বতাহ ৷ প্ৰকৃততে আজিৰ এই দিনটো প্ৰতিজন অসমবাসীৰ বাবে এক চিৰস্মৰণীয় দিন ৷ এক উৎসৱৰ দিন ৷ জীৱনকালৰ দৰেই তেওঁৰ অৱৰ্তমানতো সমগ্ৰ অসমবাসীয়ে একেই আগ্ৰহ , একেই উদ্দীপনাৰে পালন কৰে তেওঁৰ জন্মদিন ৷ তেওঁৰ কালজয়ী গীত সমূহৰ অপূৰ্ব ধ্বনিত মুখৰিত হৈ উঠে অসমৰ আকাশ – বতাহ …

আশৈশৱ তেওঁৰ এগৰাকী অনুৰাগী হিচাপে আজিৰ এই বিশেষ দিনটোত মোৰ এই লিখনিৰ জৰিয়তে বিশ্ববিশ্ৰুত শিল্পী গৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ যৎকিঞ্চিৎ প্ৰয়াস কৰিছোঁ ৷ কিন্তু লিখিবলৈ গৈ বাৰে বাৰে থমকি ৰব লগীয়া হৈছে ৷ ক’ৰ পৰা আৰম্ভ কৰি ক’ত শেষ কৰিম … আঁত হেৰাই যায় ৷ গীত গাই দিগন্ত কঁপোৱা , জীৱন্ত কালতেই কিংৱদন্তী স্বৰূপ হৈ পৰা এই মহান শিল্পী গৰাকীৰ অনন্য সৃষ্টি প্ৰতিটো স্তৰৰ মানুহৰ হৃদয়ত সঞ্চাৰিত হৈছিল ৷ তেওঁ কেবল মাত্ৰ এগৰাকী কণ্ঠশিল্পীয়ে নহয় , বৰঞ্চ একেধাৰে — গীতিকাৰ , সুৰকাৰ , সাহিত্যিক,কবি , চিত্ৰশিল্পী , সাংবাদিক , চিত্ৰ নিৰ্মাতা , চিত্ৰ পৰিচালক , সংগীত পৰিচালক , লোক সংস্কৃতিৰ গৱেষক ৷ সৰ্বোপৰি প্ৰখৰ চেতনাৰে পৰিপুষ্ট এজন সাংস্কৃতিক বিপ্লৱী ৷ সীমিত পৰিসৰত এনে এজন মহান শিল্পীৰ অৱলোকন বা তেওঁৰ অপাৰ সৃষ্টিৰ বিশ্লেষণ কৰাটো কেৱল অসম্ভৱেই নহয় —এক দুঃসাধ্য ৷ মোৰ এই লিখনি তেওঁৰ বিষয়ে কোনো বিশ্লেষণ নহয় — এক অনুভৱ হে মাথোঁ ৷

সংগীতৰ অৰ্থ বুজা -নুবুজা বয়সৰ পৰাই ড° ভূপেন হাজৰিকাৰ কণ্ঠৰ সৈতে পৰিচিত হৈছিলোঁ ৷ সুৰ – তাল – লয়ৰ কোনো জ্ঞান নোহোৱাকৈয়ে তেওঁৰ কণ্ঠৰ প্ৰতি আকৰ্ষিত হৈছিলো , প্ৰভাবিত হৈছিলোঁ ৷ এই কথা এতিয়াহে অনুভৱ কৰিছো যে একোজন শিল্পী হাজাৰ জনৰ বাবে আবেগ সৃষ্টিকাৰী (hearthrobe) নায়ক হৈ পৰে — তেওঁৰ অনন্য সুন্দৰ সৃষ্টিৰ বাবে ৷ তাৰোপৰি শিল্পী গৰাকী যদি প্ৰদৰ্শন পটুতা গুণৰ অধিকাৰী হয় , তেনেহলেতো কথাই নাই ৷ এছোৱা সময় তেওঁ হাজাৰজনৰ হৃদয়ত বাস কৰে ৷ ক্ৰমান্বয়ে কালৰ বুকুত বিলীয়মান হৈ পৰে ৷ উদয় হোৱাৰ দৰেই অস্তও যায় ৷ কিন্তু ড° ভূপেন হাজৰিকাৰ ক্ষেত্ৰত তেনে হোৱা দেখা নাযায় ৷ কেইবা পুৰুষো ধৰি তেওঁ আবেগ সৃষ্টিকাৰী একছত্ৰী নায়ক হৈ আছিল আৰু আগলৈকো থাকিব ৷ তেখেতৰ গীত মোৰ ককা-আইতাই শুনিছিল , মোৰ মা-দেউতাই শুনিছিল , মই – মোৰ স্বামীয়ে শুনিছোঁ , মোৰ সন্তানেও শুনিছে ৷ কেবল শুনাই নহয় , প্ৰজন্মৰ পাছত প্ৰজন্মই তেখেতৰ গীত গাইছে , গাবৰ চেষ্টা কৰিছে ৷ তেওঁক অনুসৰণ কৰিছে , অনুকৰণো কৰিছে ৷ হয়তো সম্পূৰ্ণকৈ নহলেও কিছু পৰ্যায়লৈ সফলো হৈছে ৷ তেওঁৰ গীতৰ এই অভূতপূৰ্ব জনপ্ৰিয়তাৰ কাৰণ হৈছে — তেওঁৰ কণ্ঠমাধুৰ্য্য , সুৰবিন্যাস , গীতৰ শব্দ বা ভাষা প্ৰয়োগ কৰোতে শব্দ আৰু ভাষাৰ অৰ্থ পূৰ্ণ ভাবে প্ৰকাশ হোৱাকৈ শুদ্ধ উচ্চাৰণ আৰু পৰিবেশন কৰাৰ কলাসুলভ দেহ ভঙ্গিমা ৷

সংগীত আছিল ভূপেন হাজৰিকাৰ আত্মা ৷ গীতবোৰত শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁ আন্তৰিক ভাৱনাক গুৰুত্ব দিছিল কাৰণে গীতবোৰে একোটা কাহিনী , একোখন ছবিৰ ৰূপ লোৱাৰ সক্ষমতা অৰ্জন কৰাত সফল হৈছিল ৷ গীতত ব্যৱহাৰ হোৱা শব্দবোৰৰ গাম্ভীৰ্য , ব্যৱহাৰিক দিশত লোৱা সাৱধানতাই গীতবোৰ শ্ৰুতিমধুৰ কৰাৰ লগতে গীতৰ অন্তৰ্নিহিত ভাবৰ বিষয়ে শ্ৰোতাক ভাবিবলৈ বাধ্য কৰিছিল ৷ প্ৰতিটো গীতৰ সৃষ্টিৰ আঁৰত আছিল একোটি কাহিনী , হৃদয়ৰ তাড়না আৰু আহ্বান ৷ গীতবোৰৰ সৃষ্টি আছিল স্বতঃস্ফূৰ্ত ৷ লিখিব লাগে বাবেই জোৰকৈ লিখা হোৱা নাছিল ৷ তেওঁৰ নিজৰ ভাষাত “ সময়ৰ ঢৌত খৰ মাৰিবলৈ মই কেতিয়াও গীত লিখা নাই ” মনত যেতিয়াই যি ভাৱনাৰ উদ্ৰেক হৈছিল সেই ভাবনাকেই গীতৰ ৰূপ দিছিল ৷ সৃষ্টি কৰিব পৰা গুণ সৃষ্টিকৰ্তাজনৰ জন্মগত ৷ যদিহে চিন্তা চেতনাত পাৰ্থিৱ বিষয় সমূহে আগস্থান পাই , তেতিয়া সুন্দৰ কালজয়ী সৃষ্টি কেতিয়াও সম্ভৱ নহয় ৷ কলাসুলভ মন নাথাকিলে , সৃষ্টিত সৌন্দৰ্যও নাথাকে ৷ কালজয়ী শিল্পীৰ জন্মহে হয় , তৈয়াৰ নহয় ৷ ভূপেন হাজৰিকা আছিল তেনে এজন কালজয়ী শিল্পী ৷ গোটেই জীৱন — সেয়া মাঘ মাহৰ হাড় কপোৱা জাৰেই হওক , ব’হাগৰ ডবাপিটা বৰষুণেই হওক বা জেঠ মাহৰ উৎকট গৰমেই হওক , ঘণ্টাৰ পাছত ঘণ্টা দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰা প্ৰদৰ্শন কলা( performing art )ৰ যাদু ভালদৰে আয়ত্ত কৰিছিল ৷ নিজৰ গীতবোৰৰেই পাহৰি কেতিয়াবা সুৰ বা শব্দৰ কিছু ভিন্নতাৰে বা কেতিয়াবা অসম্পূৰ্ণকৈ গালেও দৰ্শক-শ্ৰোতাই তেনেদৰেই গ্ৰহণ কৰিছিল ৷ তেওঁৰ সাজপাৰ , তেওঁৰ কথনভংগী , শ্ৰোতা – দৰ্শকৰ সৈতে ভাব বিনিময় আদিৰ যি অনৱদ্য গুণ সেয়া ভাৰতবৰ্ষৰ কোনো দ্বিতীয়জন শিল্পীৰ মাজত নাই ৷

ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত “ UNESCO” ত চাকৰিৰ বাবে আমন্ত্ৰণ পোৱা স্বত্বেও —অপাৰ সম্পত্তি , নাম -যশ সকলো নেওচি উভতি আহিছিল নিজৰ দেশলৈ ৷ সংস্কৃতিৰ পথাৰখনতেই নিজকে সমৰ্পিত কৰিছিল ৷ সংগীতকে কৰি লৈছিল জীৱন আৰু জীৱিকা … জীৱনৰ বৃত্তপথ …
তেওঁৰ নিজৰ কথাৰে — “ মোৰ গানবোৰ হওক মানুহৰ গান ৷ বৰ্তমানটো যেতিয়া অতীত হৈ যাব তেতিয়াও মোৰ কিছু গান প্ৰাসংগিক হৈ থাকিব ৷”
আমাৰ সমাজত আজিও তেওঁৰ গীতৰ যি অপৰিহাৰ্য প্ৰাসংগিতা তাৰ পৰাই তেওঁ কৈ যোৱা এই কথাষাৰৰ সত্যতা বাৰে বাৰে প্ৰমানিত হৈছে ৷

জীৱন সংগ্ৰামৰ মাজত ককবকাই ফুৰি এই মানবতা বাদী সংগীতকাৰজনে গাইছিল —

আকাশী গংগা বিচৰা নাই
নাই বিচৰা স্বৰ্ণ অলংকাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰো মৰমৰ মাত এষাৰ

গীতটোৰ প্ৰতিটো শব্দৰ মাজেৰে বুজা যায় যে জীৱন কালত আকাশী গংগা বা স্বৰ্ণ অলংকাৰৰ প্ৰতীক স্বৰূপ কোনো পাৰ্থিৱ সুখ নিবিচাৰি , এই যাযাৱৰী শিল্পী গৰাকীয়ে নিজৰ সংগীতৰ অমৃতেৰে সকলোকে তৃপ্ত কৰিব বিচাৰিছিল ৷ প্ৰয়াস কৰিছিল সংগীতেৰে শ্ৰোতাৰ হৃদয় জিনাৰ ৷ বিনিময়ত যদি কিবা বিচাৰিছিল সেয়া হ’ল মাত্ৰ এষাৰ মৰমৰ মাত ৷ তেওঁৰ বহুমুখী প্ৰতিভাৰ স্বীকৃতি হিচাপে তেওঁ যিমানবোৰ বঁটা-বাহন — ভাৰত ৰত্ন , পদ্ম বিভূষণ , পদ্মশ্ৰী , সঙ্গীত নাটক একাডেমি বঁটা , ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা , কমাণ্ডাৰ অৱ দা অৰ্ডাৰ অৱ আৰ্টছ এণ্ড লেটাৰ্ছ , দা লিজেণ্ডছ অৱ ইণ্ডিয়া এছিভমেন্ট এৱাৰ্ড অসম ৰত্ন ইত্যাদি লাভ কৰিছিল , পাছলৈ হয়তো নিজেই পাহৰি গৈছিল ৷ তেওঁৰ বাবে আটাইতকৈ ডাঙৰ বঁটা আছিল —ৰাইজৰ মৰম ৷ সেয়েহে গাইছিল —

মোৰ গীতৰ হেজাৰ শ্ৰোতা
তোমাক নমস্কাৰ
গীতৰ সভাত তুমিয়েই মোৰ
প্ৰধান অলংকাৰ

মোৰ মনত পৰে — সৰুতে আমাৰ পৰিয়ালৰ সদস্য সকলৰ সৈতে বিভিন্ন বিহুতলীত তেওঁৰ গীত শুনাৰ কথা … যিখন বিহুতলীতে তেওঁ গীত পৰিবেশন কৰাৰ কথা শুনিছিলোঁ তালৈকে ঢাপলি মেলাৰ কথা …ৰাতি ১২বজাৰ পাছতো প্ৰচণ্ড ধুমুহা বৰষুণকো আওকাণ কৰি কেবল মাত্ৰ তেওঁৰ গীতৰ আনন্দ উপভোগ কৰাৰ মধুৰ স্মৃতি মোৰ মনত আজিও সজীৱ হৈ আছে ৷ কেবল আমাৰ পৰিয়ালটোৱেই কিয় , তেওঁৰ গীত শুনিবলৈ বিহুতলী লোকে- লোকাৰণ্য হৈ পৰিছিল ৷ এয়া আমাৰ পৰম সৌভাগ্য যে সাধাৰণ পৰিচয়ৰ মাজেৰে ভূপেন হাজৰিকাৰ সৈতে আমাৰ পৰিয়ালৰ এক ঘৰুৱা সম্পৰ্ক গঢ়ি উঠিছিল , যাৰ বাবে আমি তেওঁৰ নিকট সান্নিধ্য লাভ কৰাৰ সুযোগ পাইছিলোঁ ৷ সকলোকে আপোন কৰি লব পৰা এক বিশেষ গুণৰ অধিকাৰী আছিল তেওঁ ৷ আন্তৰ্জাতিক খ্যাতি সম্পন্ন বিদ্বান , পণ্ডিত , দাৰ্শনিক , শিল্পী , সাহিত্যিকৰ সান্নিধ্য লাভ কৰা , “মানুহে মানুহৰ বাবে” ৰ দৰে সৰ্বকালৰ শ্ৰেষ্ঠ গীতৰ স্ৰষ্টা ড° ভূপেন হাজৰিকাৰ মনত সৰ্বসাধাৰণ মানুহৰ মূল্য কোনো গুণে কম নাছিল ৷ সেয়েহে সুযোগ পালেই গাৱঁৰ চহা সকলৰ চোতালত বহি , “এইখনেই মোৰ স্বৰ্গ ” বুলি কৈ শিশুসকলৰ লগত ধেমালি কৰিছিল ৷ নিজেই চাইকেল মাৰি , পুখুৰীত মাছ ধৰি , ৰাইজৰ লগত আড্ডা দি , পোৰা মাছৰ সোৱাদ লৈছিল ৷ সেইজনেই আছিল — ভূপেন হাজৰিকা ৷ স্বীকৃতি আৰু জনপ্ৰিয়তাই তেওঁৰ শিশুসুলভ সহজ সৰল মনটোক কেতিয়াও স্পৰ্শ কৰিব পৰা নাছিল ৷ সকলো শ্ৰেণীৰ মানুহকে আপোন কৰি লব পৰা তেওঁৰ এই বিশেষ গুণটোৱে তেওঁক আৰু বেছি জনপ্ৰিয় কৰি তুলিলে ৷ এনে বিপুল জনপ্ৰিয়তা থকা স্বত্তেও কিন্তু ব্যক্তিগত জীৱনত বিতৰ্কই তেওঁৰ লগ এৰা নাছিল ৷ মানুহৰ মাজত কেতিয়াবা আছিল তেওঁ বন্দিত , কেতিয়াবা নিন্দিত ৷ কিন্তু বিতৰ্ক যিয়েই নহওক লাগিলে , তেওঁক অতি সুন্দৰ আৰু সহজ ভাবে গ্ৰহণ কৰা দেখি আহিছোঁ ৷ কোনো ব্যক্তি বা অনুষ্ঠানত কটু কথা বা সমালোচনা কৰা কেতিয়াও শুনা নাই ৷

বহু ঘাট -প্ৰতিঘাট আৰু বিচিত্ৰতাৰে ভৰপূৰ অয়াঙে -দয়াঙে ঘূৰি ফুৰা যাযাৱৰী শিল্পী গৰাকীৰ জীৱন নানা উত্থান -পতনেৰে ভৰা ৷ দশকৰ পাছত দশক জুৰি শ্ৰোতা জনতাৰ ওঁঠত হাঁহি বিৰিঙাই পৃথিৱীৰ পৰা মেলানি মগা ভূপেন হাজৰিকাই জীৱন কালত নীৰৱে – নিৰলে কিমান কান্দিব লগীয়া হৈছিল সেই কথা বহুতে জানে , হয়তো বহুতেই নাজানে ৷ সময়ৰ অগ্ৰগতিত ভুপেন হাজৰিকা আজি নিজেই ইতিহাস হৈ পৰিল ৷ অসমীয়া জাতিটোৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ যি প্ৰয়াস , প্ৰতিটো গীতৰ মাজেৰে ভৱিষ্যতৰ সম্ভাব্য সংকটৰ বাবে তেওঁৰ অসম বাসীলৈ দিয়া সকীয়নি , তেওঁৰ যি দুৰদৰ্শিতা — এই সকলোৰে বাবে আমি তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ , চিৰ ঋনী ৷

বৰ্তমান সমগ্ৰ অসমতে যেন ঐক্য সম্প্ৰীতিৰ ভেটিত ফাট মেলিছে ৷ জাতিটোক আৱৰি ধৰিছে কলীয়া ডাৱৰে ৷ বিপন্ন হৈ পৰিছে জাতিটোৰ অস্তিত্ব ৷ সংকটাপন্ন হৈছে আমাৰ ভাষা -সংস্কৃতি ৷ হেৰাই যাব ধৰিছে মানুহৰ মাজৰ একতা , মানুহৰ ওপৰত মানুহৰ বিশ্বাস ৷ মানুহ হৈ পৰিছে আত্মকেন্দ্ৰিক ৷ এনে সময়ত কোনে আহি আঁটি বান্ধি দিব সাংস্কৃতিক এনাজৰী ? কোনে দেখুৱাব বাট ? প্ৰকৃত মানুহ হোৱাৰ বাট ? জাতিটোৰ এনে সংকটৰ সময়ত মনত পৰে এজন কথাশিল্পীলৈ ৷ এজন অবিস্মৰণীয় সুৰকাৰলৈ ৷ যি আমাৰ ভাষা সংস্কৃতিক জাকত জিলিকা কৰি আগুৱাই লৈ গৈছিল বিশ্ব – দৰবাৰলৈ ৷ যিজনে গীতৰ মাজেৰে বাৰে বাৰে অসমীয়াক সকিয়াই দিছিল —

আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে যাব
বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হলে
বিশ্বই জানো ভাল পাব ?

জাতিটোৰ যিকোনো দুৰ্যোগৰ সময়ত আহি কাষত ঠিয় দিছিল ৷ অসমীয়াই দুৰ্যোগৰ সময়ত প্ৰাণ বিচাৰি পাইছিল তেওঁৰ গীতৰ মাজত ৷ আজি তেওঁৰ গীতবোৰ লিৰিকি – বিদাৰি দেখিছোঁ , গীতবোৰ যেন সমন্বয় আৰু সহমৰ্মিতাৰ মন্ত্ৰ হৈ আৰু বেছি প্ৰাসংগিক হৈ উঠিছে ৷ তেওঁৰ মৃত্যুৰ পাছত আৰু উজলি উঠিছে তেওঁৰ কথা … তেওঁৰ গীত … আজি মনে প্ৰাণে আশা কৰিছোঁ — তেওঁৰ জন্মদিনেই হওক জাতিটোৰ সমন্বয় আৰু সহমৰ্মিতাৰ জন্মলগ্ন ৷ অসমৰ আকাশে -বতাহে গুঞ্জৰিত হওঁক তেওঁৰ গান — তেওঁ যিদৰে গাইছিল —

মোৰ গান হওঁক বহু আস্থাহীনতাৰ
বিপৰীতে এক গভীৰ আস্থাৰ গান

জন্মদিনৰ এই শুভ লগনত এই মহান শিল্পী গৰাকীলৈ ইয়াতকৈ ভাল উপহাৰ আৰু কি হব পাৰে ?