শিক্ষা গুৰু অবিহনে আমাৰ জীৱন অসাৰ  – অৰ্ণৱ কটকী

শিক্ষা গুৰু অবিহনে আমাৰ জীৱন অসাৰ 

অৰ্ণৱ কটকী
জাঁজী, যোৰহাট

মা দেউতাৰ পিছতেই আমাৰ গুৰুৰ স্থান। জীৱনৰ আদিপাঠ আৰম্ভ কৰাৰ পিছত, পাঠ্যপুথিৰ জৰিয়তে সমাজ জীৱনৰ বাটত আগুৱাই যাব পৰাকৈ সক্ষম কৰি তোলে শিক্ষা গুৰুৱেই। ভাৰতীয় সভ্যতাৰ অন্যতম আসনৰ মহান ব্যক্তি গুৰু বা শিক্ষক সকল। তেওঁলোকেই এখন সুস্থ সমাজ নিৰ্মান কৰাৰ ভেঁটি ৰূপে গঢ়ি তোলে, প্ৰতিজন শিক্ষাৰ্থীক। প্ৰতি জন ব্যক্তিক সমাজৰ মাজত মূৰ দাঙি থিয় হ’ব পৰাকৈ জ্ঞানৰ জ্যোতিৰে পোহৰ সানে। নিজৰ দুঃখ পাহৰি মাথোঁ সু সমাজ নিৰ্মান কৰাৰ বাবে ব্ৰতী হয়।

তাৰ পিছতো উপেক্ষিত হৈ বহু বাৰ ।একবিংশ শতিকাতো বহু জন অপমানিত হয়, সমাজৰ বা চৰকাৰী মেৰপাকত পৰি। একাংশ শিক্ষাৰ্থীয়ে শিক্ষা গুৰু কাক কয় বুজি নোপোৱা বাবেই হওঁক বা আন কিবা কাৰণতে হওঁক লজ্জিত হৈ বহু জন শিক্ষা গুৰু, আনকি তেওঁলোকৰ আক্ৰমণৰ বলি হৈ জীৱন হেৰুৱাব লগা হয়। এইয়া আচলতে কাম্য নহয় কেতিয়াও। গুৰু শব্দ অৰ্থ বহুত বিশাল, তাক অনুধাৱন কৰাটো প্ৰতিজনেই ভাল। গুৰু শব্দৰ অৰ্থই হৈছে আন্ধাৰ দূৰ কৰা।

জীৱনৰ বাটত আগুৱাই যাওঁতে পথ দেখুৱাই, সাহস দিয়া জনো গুৰুৱেই। যি আনৰ বাবে চিন্তা কৰি বাট দেখুৱাই দিয়ে নিস্বাৰ্থ ভাৱে। তেওঁ আপোনাৰ শিক্ষাগুৰু হওঁক নাইবা জীৱনত লগ পোৱা আন কোনো ব্যক্তিয়েই হওঁক। পোহৰৰ দিশে অগ্ৰসৰ হ’বলৈ শিকোৱা প্ৰতি জনেই গুৰু।

শিক্ষক সকলক শিক্ষা দান কৰাৰ সুবিধা দিয়া লগতে কিছু সন্মান দিওঁ আহক, নিৰ্দিষ্ট এটা দিনত নহয় প্ৰতিটো দিনতেই। প্ৰতি জন ব্যক্তিয়েই আমি ঋণী তেওঁলোকৰ চৰণত।তেওঁলোকৰ অবিহনে এটা জাতি, এখন সমাজ,এজন মানুহ হয়তো কোনোৱেই হ’ব নোৱাৰিলোঁ হয়। এটা শিশু যি দৰে ভৱিষ্যত দেশৰ নাগৰিক ঠিক তেনেদৰে এজন গুৰুৱো এখন সমাজ, এজন ভাল ব্যক্তি গঢ়াৰ মূল আধাৰ বা ভেঁটি। গুৰুৰ দুঃখ বিলাক বুজি স-সন্মানেৰে জীয়াই থকাৰ পৰিৱেশ দিওঁ আহক। শিক্ষা গুৰু অবিহনে জীৱন যে আমাৰ অসাৰ।