শিক্ষকতা এক মহান বৃত্তি
সংযুক্তা দত্ত
গোলাঘাট, মিছামৰা
‘শিক্ষক হৈছে এডাল মমবাতিৰ দৰে, যি নিজে জ্বলি আনক পোহৰ দিয়ে।’
— ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণ ৷
আমি জানো যে ৫ ছেপ্টেম্বৰৰ দিনটো ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন৷ এই দিনটো সমগ্ৰ ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে৷ দেশৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে তেখেতৰ জন্মদিনটো শিক্ষক সমাজৰ বাবে উছৰ্গা কৰি তেখেতৰ লগতে মহান শিক্ষক সমাজক শ্ৰদ্ধা নিৱেদনৰ বাবে শিক্ষক দিৱস পালন কৰা হয়। শিক্ষা হ’ল জীৱনৰ এক অবিচ্ছেদ্য অংগ৷ শিক্ষা গ্ৰহণৰ পৰা কোনো বঞ্চিত হ’ব নোৱাৰে। শিক্ষা সকলোৰে বাবে সমান, শিক্ষাই সকলোকে সমান চকুৰে চাবলৈ শিকায়। শিক্ষা লাভ কৰিবৰ বাবে শিক্ষকৰ প্ৰয়োজন। শিক্ষক অবিহনে কোনোৱে আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰে৷ এগৰাকী ব্যক্তিৰ জীৱনত শিক্ষকৰ যথেষ্ট অৱদান থাকে। আমি শিক্ষাগুৰুসকলৰ প্ৰতি সদায় কৃতজ্ঞ হোৱা উচিত, তেখেতসকলৰ অবিহনে আমি এটি সৰ্বাংগ সুন্দৰ জীৱনৰ কামনা কৰিব নোৱাৰোঁ। শিক্ষাৰ্থী জীৱনত একো একোজন শিক্ষাগুৰুৰ যথেষ্ট ভূমিকা থাকে। তলৰ শ্ৰেণী সমূহৰ পৰা ধৰি লৈ ওপৰৰ শ্ৰেণীসমূহলৈকে শিক্ষাগুৰুৰ যথেষ্ট অৱদান থাকে। অৰ্থাৎ সমাজৰ একো একোজন মানৱ সম্পদ গঢ় দিয়াত শিক্ষকৰে ভূমিকা থাকে। ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণে শিক্ষকক মমবাতিৰ লগত তুলনা কৰিছে কাৰণ এডাল মমে নিজে জ্বলি যেনেদৰে আনক আন্ধাৰত পোহৰ বিলাই থাকে, ঠিক তেনেদৰে শিক্ষাগুৰুসকলেও যথেষ্ট কষ্ট আৰু ত্যাগ কৰি ছাত্ৰ-ছাত্ৰী অৰ্থাৎ দেশৰ ভৱিষ্যতক জ্ঞানৰ পোহৰ বিলাই দিয়ে।