২৯ আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
ৰঙিলী বাৰ্ত্তাসেৱা- কেইবাটাও কাৰ্যসূচীৰে ২৯ আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইয়াৰ ভিতৰত আছে নৱ নিৰ্মিত ৰাজভৱন মুকলিৰ কাৰ্যসূচীও। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰি কয় যে, “২৯ আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ। পুৱা অমিত শ্বাহে নতুনকৈ নিৰ্মাণ কৰা ৰাজভৱন আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইয়াৰ পাছত অমিত শ্বাহে এন ডি এৰ পঞ্চায়ত অভিৱৰ্তনত অংশগ্ৰহণ কৰি পঞ্চায়ত প্ৰতিনিধিসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব।” ইফালে এই সম্পৰ্কে বশিষ্ঠস্থিত বাজপেয়ী ভৱনত এক সংবাদ মেল সম্বোধন কৰে পল্লৱ লোচন দাসে। এই সংবাদ মেলত দাসে কয়, দুটা চৰকাৰী কাৰ্যসূচীলৈ আৰু এটা দলীয় কাৰ্যসূচীৰে ২৯ আগষ্টত গুৱাহাটীলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁ জনোৱা অনুসৰি গৃহমন্ত্ৰীগৰাকীয়ে খানাপাৰাত এন ডি এ পঞ্চায়ত সন্মিলনত অংশ ল’ব। এই সন্মিলনত এন ডি এৰ ২৭৪ গৰাকী জিলা পৰিষদ, ১৩৩০ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য, ১৫০৬৭ গৰাকী গাওঁ পঞ্চায়তৰ সদস্যই অংশগ্ৰহণ কৰিব। ইফালে গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ সমগ্র গুৱাহাটীত দেখা পোৱা গৈছে ব্যাপক প্রস্তুতি। মহানগৰীৰ সকলো উৰণ সেতুতে লগোৱা হৈছে হর্ডিং, পতাকা, দলীয় পতাকা তথা আদৰণি বেনাৰ।