তামুলপুৰত দুর্ঘটনাগ্রস্ত গাড়ীৰ চালকক মৰিয়াই মৰিয়াই হত্যা উন্মত্ত জনতাৰ

তামুলপুৰত দুর্ঘটনাগ্রস্ত গাড়ীৰ চালকক মৰিয়াই মৰিয়াই হত্যা উন্মত্ত জনতাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  তামুলপুৰত এক পথ  দুর্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় নৃশংস হত্যাকাণ্ড। ঘটনাটো সংঘটিত হৈছে তামুলপুৰ জিলাৰ সুৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বাঙালীপাৰাৰ ভৰালী চ’কত। এখন চাৰিচকীয়া বাহনৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি একাংশ উন্মত্ত লোকৰ আক্ৰমণত প্রাণ গ’ল তামুলপুৰ জিলাৰ কচুকাটা গাঁৱৰ অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ জোৱান দীপক দাসৰ একমাত্ৰ পুত্ৰ সন্তান অভিষেক দাস নামৰ ২৩ বছৰীয়া মেধাৱী যুৱকৰ। পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে, ২০ আগষ্টৰ পুৱাৰ ভাগত অভিষেকে চাৰিচকীয়া বাহনত (এ এছ ০১-ই এন-৫১২৪)ত তামুলপুৰৰেই চাৰিজন বন্ধুক লগত লৈ তামুলপুৰ-নাগ্ৰীজুলি পথেৰে বগামটিৰ সমীপৰ গ্ৰাছলেণ্ডলৈ ফুৰিবলৈ গৈছিল। লগৰীয়াৰ লগত আনন্দ-ফুৰ্তি কৰি বৰনদীত গা-পা ধুই প্রায় তিনি বজাত চাৰি বন্ধুৰ সৈতে ঘৰলৈ উভতিবলৈ গাড়ীত উঠিছিল আটাইকেইজন যুৱক। গ্ৰাছলেণ্ডৰ পৰা আহি থাকোঁতে বাঙালীপাৰা-বগামাটি পথত ভৰালী চ’কত তেওঁলোকৰ বাহনখনে ই-ৰিক্সা এখনক বচাবলৈ গৈ নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষত থকা এখন দোকানত খুন্দা মাৰে। গাড়ীখন দুর্ঘটনাগ্রস্ত হয় আৰু দোকানখনৰ কিছু ক্ষতি হয়। লগে লগে তাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। দুর্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে গাড়ীৰ দৰ্জা লক হৈ পৰে আৰু আটাইকেইজন যুৱক গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰে। গাড়ীৰ চালকৰ আসনত থকা অভিষেকে গাড়ীৰ চানৰুফেৰে বাহিৰলৈ ওলাই আহে আৰু গাড়ীৰ ভিতৰত আবদ্ধ বন্ধুকেইজনক উদ্ধাৰ কৰিবলৈ স্থানীয় লোকৰ সহায় বিচাৰে। পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, স্থানীয় লোকসকলে যুৱককেইজনক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে অভিষেকক বেয়াকৈ মাৰধৰ কৰি গাড়ীৰ ওচৰৰ পৰা টানি ঘটনাস্থলীৰ ওচৰৰ এটা পৰিয়ালৰ তামোলৰ বাৰীলৈ নি নাৰকীয়ভাৱে আক্রমণ কৰে। ঘটনা সংঘটিত হোৱাৰ খবৰ পাই আৰক্ষীৰ দল এটাও ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় একাংশ উত্তেজিত লোকে আৰক্ষীৰ লগতো বাক-বিতণ্ডাত লিপ্ত হয়। ইপিনে একাংশ উন্মত্ত লোকৰ আক্ৰমণত অভিষেক গুৰুতৰভাৱে আহত হৈ পৰে। পৰিয়ালৰ লোকে জনোৱা মতে, প্রায় দুঘণ্টা পলমকৈ কোনো অজ্ঞাত লোকৰ ফোনযোগে দুর্ঘটনা সম্পৰ্কত পৰিয়ালৰ লোকে খবৰ পায়। তেওঁলোকে ততাতৈয়াকৈ ঘটনাস্থলীলৈ গৈ আৰক্ষীৰ সহায়ত অতি মুমূর্ষু অৱস্থাত অভিষেকক উদ্ধাৰ কৰে আৰু অভিষেকক লৈ চিকিৎসাৰ বাবে ৰঙিয়ালৈ লৈ যায়। কিন্তু অতি দুর্ভাগ্যজনকভাৱে ৰঙিয়া গৈ পোৱাৰ পূৰ্বে অভিষেকে শেষ নিশ্বাস ত্যাগ কৰে। অতি শান্ত স্বভাৱৰ মেধাৱী যুৱক অভিষেকৰ মৃত্যুৰ খবৰে পৰিয়ালত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে আৰু কচুকাটাৰ লগতে সমগ্ৰ তামুলপুৰ জিলাতে শোকৰ ছাঁ পেলাইছে আৰু তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিষেকৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে ঘটনা সন্দৰ্ভত অভিষেকৰ পিতৃ দীপক দাসে ২১ আগষ্টত তামুলপুৰ থানাত অভিষেক হত্যাৰ তদন্ত আৰু ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে। ৰঙিয়াৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত কিছুদিন কাম কৰি উচ্চ শিক্ষাগ্রহণৰ বাবে প্রস্তুতি চলাই থকা অতি অমায়িক স্বভাৱৰ যুৱক অভিষেকৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই অভিষেকৰ পৰিয়ালৰ লোক, স্থানীয় লোক তথা অভিষেকৰ লগত থকা আন চাৰিজন বন্ধুৱে। বন্ধুকেইগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত শিহৰণকাৰী ঘটনাটো বৰ্ণনা কৰি কয়- ‘গাড়ীখন দুর্ঘটনাৰ পিছত অভিষেক গাড়ীৰ ভিতৰৰ পৰা বাহিৰ ওলাইছিল আৰু আমাক উদ্ধাৰ কৰাৰ বাবে স্থানীয় ৰাইজক হাতযোৰ কৰি অনুৰোধ জনাইছিল। আমি গাড়ীৰ ভিতৰত আবদ্ধ হৈ থাকোঁতে আমাক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে মাৰধৰ কৰাৰ ভাবুকি দিছিল। আমি বাৰে বাৰে ৰাইজক হাতযোৰ কৰি অনুৰোধ জনাইছিলোঁ অভিষেকক মাৰধৰ নকৰিবলৈ। কিন্তু কোনেও আমাৰ কথা নুশুনিলে আৰু গাড়ীৰ ওচৰৰ পৰা তাক টানি নি হত্যা কৰিলে। আমি অভিষেক হত্যাৰ উচিত তদন্ত বিচাৰোঁ। আৰক্ষী প্রশাসনে উচিত তদন্ত কৰি হত্যাকাৰীক আটক কৰি উচিত শাস্তি দিব লাগে।’ অভিষেকৰ মাতৃয়েও কান্দি কান্দি অভিষেকক হত্যা কৰা বুলি অভিযোগ কৰি হত্যাকাৰীক চিনাক্ত কৰি ফাঁচি দিয়াৰ দাবী জনায়। বিভিন্ন দল-সংগঠনেও অভিষেক হত্যাৰ গৰিহণা দি দোষীক চিনাক্ত কৰি উচিত শাস্তি দিয়াৰ বাবে দাবী জনায়। আনহাতে আজি আবেলি পৰত বিটিআৰপ্ৰধান প্রমোদ বড়ো অভিষেকৰ বাসগৃহত উপস্থিত হৈ যুৱকজনৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পিতৃ-মাতৃ আৰু পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ ঘটনাটোৰ তদন্ত কৰি পৰিয়ালৰ লোকক ন্যায় দিয়াৰ আশ্বাস প্রদান কৰে। ইতিমধ্যে তেওঁ ঘটনাটোৰ তদন্ত কৰিবলৈ নির্দেশ দিয়া বুলিও জানিবলৈ দিয়ে।