জীৱন
চিমী বৰুৱা,
মৰিগাঁও চৰাইবাঁহী
জীয়াই আছো কিন্তু
জীৱনৰ পৰা বহু যোজন দূৰত
একেই সমস্যা সদায়ে
মই ভুল নকৰাকৈয়ে পাঁও
শাস্তিৰ উপহাৰ
কাক কম, কোনে (পতিয়াব)
অপৰাধী নহয় মই
জীৱন
উপলব্ধিৰ আন নাম জীৱন !
আগৰ দৰেই তোৰ সন্মুখত
খালি হাতে থিয়ে দি আছোঁ!
যেন শূন্যত্বা তোৰ পৰিপূৰক
অস্তগামী সুৰুযৰ হেঙুলীয়া হাইতাল পাখীত বোলাই
ঘৰমূৱা পক্ষীজাক বাঁহলৈ উভটে
মুখত এমোকোৰা হাঁহি
যেন এক জীৱন্ত দলিল
“জীৱন,
সঁচায়ে বৰ অনুপম” !