১২ – ঘণ্টাৰ ঘড়ী আৰু ২৪- ঘণ্টাৰ ঘড়ীৰ মাজত সম্বন্ধ
বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও
সময় নিৰূপণৰ বাবে আটাইতকৈ নিৰ্ভৰযোগ্য সহজলভ্য সঁজুলি বিধেই হৈছে ঘড়ী। তাৰো আগেয়ে পৃথিৱীৰ বিভিন্ন অংশই বিভিন্ন ধৰণৰ সময় নিৰূপণৰ সজুঁলি ব্যৱহাৰ কৰিছিল। যেনে- সূৰ্য ঘড়ী,বালি ঘড়ী,পানী ঘড়ী আদি।পুৰণি কালত বিশেষকৈ বেলিটো চাই সময় নিৰূপণ কৰিছিল। তেওঁলোকে সদায় ৰাতিপুৱা সূৰ্যোদয় প্ৰত্যক্ষ কৰিছিল।এটা সূৰ্যোদয় আৰু তাৰ পাছত সূৰ্যোদয়ৰ মাজৰ সময়ছোৱাক এদিন বুলি কোৱা হৈছিল। একেদৰে এটা অমাৱস্যা আৰু তাৰ পাছৰ অমাৱস্যাৰ মাজৰ সময়ছোৱাক এমাহৰ জোখ হিচাপে লোৱা হৈছিল। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণকৈ এপাক ঘূৰিবলৈ লগা সময়খিনিক এবছৰ বুলি কোৱা হৈছিল।
আমি দৈনিক কাম-কাজবোৰ কৰোঁতে এদিনতকৈ বহু কম সময়ৰ ব্যৱধান জুখিব লগীয়া হয়। সাধাৰণতে ঘড়ীৰ দ্বাৰা জুখিব পৰা সৰ্বনিম্ন সময়ৰ ব্যৱধান হ’ল এক ছেকেণ্ড। বৰ্তমান অতি কম সময়ৰ ব্যৱধান জুখিব পৰা বিশেষ ঘড়ী পোৱা যায়। কিছুমান ঘড়ীয়ে এক ছেকেণ্ডৰ ১ নিযুত ভাগৰ এভাগ আৰু ১০০ কোটি ভাগৰ এভাগ পৰ্যন্ত ক্ষুদ্ৰ সময়ৰ ব্যৱধান জুখিব পাৰে।এনে সময়ক ক্ৰমে মাইক্ৰ ʼ ছেকেণ্ড আৰু নেনʼ ছেকেণ্ড বুলি কোৱা হয়। বৈজ্ঞানিক গৱেষণাত এনে ক্ষুদ্ৰ সময়ৰ ব্যৱধান জুখিব লগা হয়। ক্ৰীড়াৰ ক্ষেত্ৰত এক ছেকেণ্ডৰ ১০ ভাগৰ এভাগ বা ১০০ ভাগৰ এভাগ সময়ৰ ব্যৱধান জুখিব লগা হয়। বুৰঞ্জীৰ ক্ষেত্ৰত ঘটনাসমূহ শতিকাত বা সহস্ৰাধিক বছৰত প্ৰকাশ কৰা হয়।গ্ৰহ – নক্ষত্ৰৰ ক্ষেত্ৰত কোটি কোটি বছৰৰ হিচাপত কৰা হয়।
আমাৰ আলোচ্য বিষয়টো হৈছে 12- ঘণ্টাৰ ঘড়ী আৰু 24- ঘণ্টাৰ ঘড়ী। আমাৰ দৈনন্দিন জীৱনত 12- ঘণ্টাৰ ঘড়ীয়েই ব্যৱহাৰ কৰোঁ। যেনে পুৱা 5:25 a.m. আবেলি 5:25p.m. কিন্তু কিছুমান বিশেষ ঠাইত যেনে- আন্তঃৰাষ্ট্ৰীয় ঘড়ী, ৰে’লসেৱাৰ সময়সূচী,বিমান সেৱাৰ সময়সূচী আদিত 24- ঘণ্টাৰ ঘড়ীৰ সময়সূচী দেখিবলৈ পাওঁ। যেনে –
24- hourclock – 12h-clock
00:00 hrs – 12: 00a.m.
01:00 hrs 01: 00a.m.
11:00 hrs. 11.00a.m
12:00 hrs 12:00a.m
15:00 hrs 03:00 p.m
22:00 hrs. 10:00 p.m
23:00 hrs 11:00 p.m
আমি 24 – ঘণ্টাৰ ঘড়ীৰ সময়ৰ পৰা 12:00 ঘণ্টা বিয়োগ কৰি 12- ঘণ্টাৰ ঘড়ীৰ সময়লৈ পৰিবৰ্তন কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, যদি 24- ঘণ্টাৰ ঘড়ী এটাই 17:20 hrs দেখুৱালে 12- ঘণ্টাৰ ঘড়ী এটাত সময় হ’ব
17:20 hrs –12:00 hrs=5:20p.m.(আবেলি) দেখুৱাব। 24- ঘণ্টাৰ ঘড়ীত,12:00 hrs লৈকে কোনো পৰিবৰ্তন নঘটে। অৰ্থাৎ 5:10 hrs ত 5:10 a.m. হ’ব। আকৌ 12- ঘণ্টাৰ ঘড়ীৰ সময়ৰ লগত 12:00 যোগ কৰি 24- ঘণ্টাৰ ঘড়ীলৈ পৰিবৰ্তন কৰিব পাৰি। উদাহৰণ স্বৰূপে
1) 4:45 p.m.+12:00hrs=16:45 hrs।
2)1:45 a:m+00:00hrs=1:45 hrs
24- ঘণ্টাৰ ঘড়ীৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ পেলিন্দ্ৰমিক সংখ্যা গঠন কৰিব পৰা সময়কেইটা হৈছে 00:00 hrs আৰু 23:32 hrs.। ‘পেলিন্দ্ৰমিক সংখ্যা ‘ বা ‘পেলিন্দ্ৰম আৰ্হি ‘ হৈছে যিবোৰ সংখ্যা বাওঁফালৰ পৰা সোঁফাললৈ আৰু সোঁফালৰ পৰা বাওঁফাললৈ পঢ়িলে একে হয়। এতিয়া 24 -ঘণ্টীয়া ঘড়ী পৰা 12 -ঘড়ীৰ ঘড়ীলৈ সময়ৰ পৰিৱৰ্তনত কি কি পেলিন্দ্ৰমিক সংখ্যা পাম চাওঁ আঁহা। উদাহৰণস্বৰূপে
11:11 hrs.=11:11a.m.;
10:01 hrs=10:01a.m. আদি।
আশাকৰোঁ 24- ঘণ্টাৰ পৰা 12- ঘণ্টাৰ সময় লৈ আকৌ 12 -ঘণ্টাৰ পৰা 24-ঘণ্টাৰ সময়লৈ পৰিবৰ্তন কৰি আমোদ পাবা।