স্বাধীনতাৰ সপোন আৰু বাস্তৱ  – আয়শা ছিদ্দিকা

স্বাধীনতাৰ সপোন আৰু বাস্তৱ  

আয়শা ছিদ্দিকা (আছৰি)
  বাংলিপাৰা, বৰপেটা

পতাকা উৰুৱাই আমি গৌৰৱ কৰোঁ,
কিন্তু স্বাধীনতাৰ অৰ্থ জানোঁনে স্পষ্ট?
সংবিধানৰ শব্দ হ’ল শুকান কাগজ,
ক্ষমতাৰ দাপোনত প্ৰতিবিম্ব বিকৃত।

প্ৰশ্ন কৰিলে শাস্তি, মত দিলে বিপদ,
জাতি-ধৰ্মৰ নামত ৰক্তৰেখা চিত্ৰ
ৰাজনীতিৰ খেলিমেলি স্বাৰ্থৰ জয়গান,
সাধাৰণ মানুহৰ স্বাধীনতা ক’ত?

স্বাধীনতা মানে মাত্র পতাকা নেকি,
নে উচুপনিৰ হকে বন্দী চৰকাৰ?
স্বাধীনতা হয় যদি মৌনতাৰ ভীতি,
তেন্তে এই স্বাধীনতা ঘোৰ অন্ধকাৰ ।
মুক্তিৰ পথ হ’ল সচেতনতা,
স্বাধীন হ’বলৈ হ’লে  মুক্ত কৰা মন
হিংসা- নিন্দা পৰিহাৰ কৰি
মানৱতাৰ প্ৰাচীৰ গঢ়ি তুলিবৰ হ’ল।