এনডিএৰ উপ ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণন

এনডিএৰ উপ ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণন

ৰঙিলী বাৰ্ত্তাসেৱা- এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্রার্থী হ’ব মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এই কথা ঘোষণা কৰিছে । নতুন দিল্লীস্থিত বিজেপিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত সংসদীয় সমিতিৰ বৈঠকৰ পাছতে জে পি নাড্ডাই এক সংবাদ মেলৰ জৰিয়তে চি পি ৰাধাকৃষ্ণনৰ নাম উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। অহা ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব। উল্লেখ্য যে শেহতীয়াকৈ শাৰীৰিক অসুস্থতাৰ বাবে জগদীপ ধনখড়ে যোৱা ২১ জুলাইত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছিল। সংসদৰ বর্ষাকালীন অধিৱেশনৰ সময়তে ধনখড়ে পদত্যাগ কৰাৰ পাছত উপ-ৰাষ্ট্ৰপতি পদ খালী হৈ পৰিছে। ভাৰতীয় নির্বাচন আয়োগে উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে ধনখড়ৰ উত্তৰসূৰী কোন হ’ব তাক লৈ উৎকণ্ঠাৰ সৃষ্টি হৈছিল। ইয়াৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিজেপিৰ ৰাষ্ট্ৰীয় মুখ্য কার্যালয়ত অনুষ্ঠিত সংসদীয় সমিতিৰ বৈঠকৰ পাছত চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা কৰা হয়। সম্প্ৰতি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে কৰ্মৰত ৰাধাকৃষ্ণনে ২০২৩ চনৰ ফেব্ৰুৱাৰীৰ পৰা ২০২৪ চনৰ জুলাইলৈকে ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপেও কার্যনির্বাহ কৰিছিল। সেই সময়তে তেওঁ ২০২৪ চনৰ মাৰ্চৰ পৰা জুলাইলৈকে পুডুচেৰীৰ লেফটেনেন্ট গৱৰ্নৰ আৰু তেলেংগানাৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব পালন কৰিছিল। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাধাকৃষ্ণনে তামিলনাডুৰ কইম্বাটুৰ লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নির্বাচিত হৈছিল। তেওঁ তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপেও দায়িত্বভাৰ পালন কৰিছিল। উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিলৰ দিন হৈছে অহা ২১ আগষ্ট। ২৫ আগষ্টৰ ভিতৰত প্রার্থীসকলে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। ৯ ছেপ্টেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব আৰু একেদিনাই ভোটগণনাও কৰা হ’ব।