ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ অৱসানৰ লক্ষ্যৰে ট্রাম্প-জেলেনস্কীৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- তিনি বছৰ ধৰি চলি অহা ৰাছিয়া-ইউক্রেইনৰ সংঘাত অৱসানৰ লক্ষ্যৰে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে প্রচেষ্টা অব্যাহত ৰাখিছে। ১৫ আগষ্টত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে বহু চর্চিত বৈঠক মিলিত হোৱাৰ পিছত আজি ৱাশ্বিংটনত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কীয়ে ট্রাম্পক সাক্ষাৎ কৰিব। ফেব্ৰুৱাৰী মাহৰ পিছত এইটোৱেই হ’ব জেলেনস্কীৰ প্ৰথম আমেৰিকা ভ্রমণ। য’ত দুয়োগৰাকী নেতাৰ মাজত ব্যাপক বাৰ্তালাপ হৈছিল আৰু ট্রাম্পে তেওঁক অসন্মান কৰা বুলি অভিযোগ উত্থাপন হৈছিল। আজি ৱাশ্বিংটনত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত ইউৰোপীয়ান ইউনিয়নৰ অধ্যক্ষ উৰ্চুলা ভন ডাৰ লেয়েন, জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেড্ৰিখ মাৰ্জ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, নাটোৰ মহাসচিব মাৰ্ক ৰুটে, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰেও অংশগ্ৰহণ কৰিব।