গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰসূতি বিভাগত ভয়ংকৰ ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰসূতি বিভাগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।এই ঘটনাত এটা নৱজাতকৰ মৃত্যু হৈছে আৰু আন দুটি শিশু গুৰুতৰভাৱে আহত হৈছে। অভিযোগ অনুসৰি, এই তিনিটি শিশুক একক বিছনাত ৰখা হৈছিল, ফলত এই দুর্ঘটনা ঘটিছে। ঘটনাটো কালি নিশা সংঘটিত হৈছিল। মৃত নৱজাতকৰ পিতৃ উৎপল বৰদলৈয়ে জনোৱা মতে, তেওঁৰ পত্নী ১৫ আগষ্টত এটি কন্যা সন্তানৰ জন্ম দিছিল। শিশুটি সুস্থ আছিল যদিও কিছু সংক্ৰমণৰ কাৰণে চিকিৎসকে এনআইচিইউত ভর্তি কৰিছিল। তেওঁৰ মতে, “প্ৰথমবাৰ NICUত চাওঁতে মোৰ শিশুটি সুস্থ আছিল। কিন্তু দ্বিতীয়বাৰ গৈ দেখোঁতে হাহাকাৰ শব্দ শুনিলোঁ আৰু দেখিলোঁ যে দুটি শিশু বিছনাৰ পৰা ওলমি আছে আৰু এটি শিশু মজিয়াত পৰি মূৰত আঘাত পাইছে। এই ঘটনা NICUৰ কৰ্মচাৰীৰ চৰম অৱহেলাৰ বাবেই ঘটিছে।” অন্য দুটি শিশুৰ অৱস্থাও গুৰুতৰ বুলি জনা গৈছে যদিও জিএমচিএইচ কর্তৃপক্ষৰ পৰা এই ঘটনাৰ বিষয়ে আনুষ্ঠানিক নিশ্চিতকৰণ এতিয়াও অহা নাই। ইতিমধ্যে, জিএমচিএইচ কর্তৃপক্ষই এই ঘটনাৰ তদন্তৰ বাবে ঘোষণা কৰিছে। তদন্ত দলটোৱে ঘটনাস্থলীত উপস্থিত হৈছে আৰু চিচিটিভি ফুটেজ পৰীক্ষা কৰি ঘটনাৰ কাৰণ নিৰূপণ কৰিবলৈ চেষ্টা কৰিছে।