ছয়গাঁও ভূঞাপাৰাত “চন্দ্ৰ-কুঞ্জ শাস্ত্ৰীয় নৃত্য” একাডেমী শুভ উন্মোচন
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- চৌষষ্ঠী কলাৰ অন্যতম শাস্ত্ৰীয় নৃত্য বিশ্ব দৰবাৰত খলকনি সৃষ্টি কৰা সময়তে ছয়গাঁও ভূঞাপাৰাত জন্মলাভ কৰিলে “চন্দ্ৰ -কুঞ্জ শাস্ত্ৰীয় নৃত্য “একাডেমী নামৰ আন এখন নৃত্য প্ৰশিক্ষানুষ্ঠান।শাস্ত্ৰীয় নৃত্য বিশাৰদ পল্লবী দাস শৰ্মাই তেখেতৰ মা আৰু দেউতাকৰ নাম চিৰ যুগমীয়া কৰি ৰখাৰ লগতে শাস্ত্ৰীয় নৃত্য, লঘু শাস্ত্ৰীয় নৃত্য, আৰু আধুনিক নৃত্যৰ প্ৰশিক্ষণেৰে স্থানীয় ছাত্ৰ ছাত্ৰী সকলক কিছু পৰিমাণে হ’লেও আগবঢ়াই নিয়াৰ লক্ষৰে এই অনুষ্ঠানটিৰ জন্ম দিয়ে বুলি জানিবলৈ দিয়ে।অলপতে জাকজমকতাৰে শুভ উন্মোচন কৰা অনুষ্ঠানটিত দ্বাৰ মুকলি আৰু বন্তি প্ৰজ্বলন কৰে ছয়গাঁও চম্পক নগৰ ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী নাৰ্জী চৌধুৰী,।লগতে চৌধুৰীয়ে তেখেতৰ ভাষণ প্ৰসংগত এই অনুষ্ঠান খনে এদিন বিশ্ব দৰবাৰত জিলিকি উঠাৰ লগতে ইয়াৰ ছাত্ৰ ছাত্ৰী সকলে শাস্ত্ৰীয় নৃত্যৰ যোগেৰে সুনাম কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।আনহাতে আনগৰাকী সমাজকৰ্মী যুগল শৰ্মাই ও অনুষ্ঠানখনৰ উজ্বল ভৱিষ্যত কামনা কৰি শুভাশীষ জ্ঞাপন কৰে।স্বত্বাধিকাৰী তথা প্ৰশিক্ষক পল্লবী দাস শৰ্মাই যথেষ্ট সংগ্ৰাম অব্যাহত ৰাখি আজি তেওঁ স্বামী ৰঞ্জিত শৰ্মাৰ অনুপ্ৰেৰণাত এই অনুষ্ঠানটিৰ জন্ম দিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে ।সংগীত শিক্ষক দীপক দাস, অসংখ্য শুভাকাংশী আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটিৰ আঁত ধৰে ছয়গাঁও মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা জয়া দাসে ।পল্লবী দাস শৰ্মা এনেধৰণৰ কৰ্মক প্ৰশংসাৰে ওপচাই বৃহত্তৰ ছয়গাঁও অঞ্চলৰ সাংস্কৃতিক মহলে।