দীপৰ বিলৰ চৌদিশক পৰিৱেশ সংবেদনশীল অঞ্চল ঘোষণা কৰাৰ প্ৰস্তাৱ পৰিৱেশ মন্ত্ৰালয়ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় পৰিৱেশ-বন-জলবায়ু পৰিৱৰ্তন মন্ত্রালয়ে পৰিৱেশ (সুৰক্ষা) আইন-১৯৮৬ৰ অধীনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহৎ জলাশয় তথা বিভিন্ন বিপন্ন-বিলুপ্তপ্রায় প্ৰজাতিৰ পক্ষী-সৰীসৃপ-জলজ পতংগৰ আৱাসস্থলী গুৱাহাটীৰ দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাক পৰিৱেশ সংবেদনশীল অঞ্চল (ইক’ ছেনজিটিভ জ’ন) হিচাপে এক অধিসূচনা প্রকাশ কৰা হৈছে। খচৰা অধিসূচনাত উল্লেখ কৰা অনুসৰি আগ্রহী যিকোনো ব্যক্তিয়ে ৬০ দিনৰ ভিতৰত এই সন্দৰ্ভত আপত্তি বা পৰামৰ্শ দাখিল কৰিব পাৰিব। কেন্দ্রীয় পৰিৱেশ-বন-জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ খচৰা অধিসূচনাখনত কোৱা হৈছে যে পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসৰ দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ সীমাৰ চাৰিওদিশে ২৫.২৯৪ মিটাৰৰ পৰা ৫ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ থাকিব। ই সামৰি ল’ব সৰ্বমুঠ ৩৮.৮৪ বর্গকিলোমিটাৰ এলেকা। অৱশ্যে বিভিন্ন দিশত দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ চাৰিওদিশৰ পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসৰ পৃথক পৃথক হ’ব। উত্তৰ দিশত ০.৮৬ কিলোমিটাৰ, উত্তৰ-পূব দিশত ১.০৬ কিলোমিটাৰ, পূব দিশত ১.০৮ কিলোমিটাৰ, দক্ষিণ-পূব দিশত ২৫.২৯৪ কিলোমিটাৰ, দক্ষিণ দিশত ৫ কিলোমিটাৰ, দক্ষিণ-পশ্চিম দিশত ৪.৩৭ কিলোমিটাৰ, পশ্চিম দিশত ০.৭৫ কিলোমিটাৰ আৰু উত্তৰ-পশ্চিম দিশত ইয়াৰ পৰিসৰ হ’ব ১.৩৪ কিলোমিটাৰ। কেন্দ্ৰীয় পৰিৱেশ-বন-জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ মতে, মূলতঃ জলাশয়টো আৰু ইয়াৰ বন্যপ্রাণীসমূহক প্রদূষণ-ক্রমবর্ধমান উন্নয়নৰ বিৰূপ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে। দীপৰ বিলৰ কাষৰীয়া অঞ্চলক পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণা কৰিলে নিৰ্মাণ, খনন আৰু পৰ্যটনৰ দৰে কাৰ্যকলাপ নিয়ন্ত্ৰণ তথা নিষিদ্ধ হোৱাৰ সমান্তৰালভাৱে প্ৰদূষণৰ মাত্রাও হ্রাস পাব। সেইদৰে নিষিদ্ধ হ’ব প্ৰদূষণকাৰী উদ্যোগ।উল্লেখ্য যে দীপৰ বিলত প্ৰায় ১৫০টা প্রজাতিৰ পক্ষী পোৱা যায়। ইয়াৰে দুটা প্রজাতি সংকটজনকভাবে বিপন্ন, এটা বিলুপ্তপ্রায়, ৫টা স্পৰ্শকাতৰ আৰু ৪টা ভাবুকিৰ সম্মুখীন হোৱা। তদুপৰি দীপৰ বিলত ১২টা প্ৰজাতিৰ সৰীসৃপ, ৫০টা প্ৰজাতিৰ মাছ, ৬টা প্ৰজাতিৰ উভচৰ আৰু ১৫৫টা প্ৰজাতিৰ জলজ পতংগৰ উপস্থিতিৰ তথ্য-প্রমাণ আছে। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে গ্ৰীষ্মকালত এই জলাশয়টো ৩০ বর্গকিলোমিটাৰ পৰ্যন্ত প্ৰসাৰিত হোৱাৰ বিপৰীতে শীতকালত প্রায় ১০ বর্গকিলোমিটাৰলৈ হ্রাস পায়। জলাশয়টোৰ ভিতৰত বন্যপ্রাণী অভয়াৰণ্যখনৰ পৰিসৰ হৈছে ৪.১ বর্গকিলোমিটাৰ। ইতিপূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ চাৰিওদিশত পৰিৱেশ সংবেদনশীল অঞ্চল নিৰ্ধাৰণ কৰি বিগত ২০২৪ চনৰ ১৮ জানুৱাৰীৰ ভিতৰত অধিসূচনা জাৰি কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। ইয়াৰ পৰৱৰ্তী সময়ত একেটা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ক কোৱা হৈছিল যে দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণা কৰাৰ খচৰা অধিসূচনা প্ৰস্তুত কৰা হৈছে। এই খচৰা দুসপ্তাহৰ ভিতৰত অনুমোদনৰ বাবে ৰাজ্যিক কেবিনেটৰ ওচৰত দাখিল কৰা হ’ব। ৰাজ্যিক কেবিনেটে এইক্ষেত্রত প্রয়োজনীয় সন্মতি জনালেই অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব কেন্দ্ৰীয় চৰকাৰলৈ।