৯গৰাকী আৰক্ষী বিষয়ালৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা বঁটা
ৰঙিলী বাৰ্ত্তাসেৱা- কর্মক্ষেত্রত দেখুওৱা পাৰদৰ্শিতা আৰু অসাধাৰণ সেৱাৰ বাবে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক তথা আইপিএছ বিষয়া ইন্দ্রাণী বৰুৱাসহ মুঠ ৪৪ গৰাকী আৰক্ষী বিষয়া-কৰ্মচাৰীলৈ আগবঢ়োৱা হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ পদক। মুঠ দুটা শাখাত আগবঢ়োৱা এই পদক সংকটকালীন পৰিস্থিতি আৰু উৎকৃষ্ট সেৱাৰ বাবে প্ৰদান কৰা হৈছে। সংকটকালীন পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক মুঠ ৯গৰাকী শীর্ষ আৰক্ষী বিষয়া আৰু কৰ্মচাৰীলৈ আগবঢ়োৱা হৈছে। ডিআইজি ইন্দ্ৰাণী বৰুৱা, গোলাঘাটৰ এছপি ৰাজেন সিং, গোৱালপাৰাৰ এছএছ পি নৱনীত মহন্ত, শ্রীভূমিৰ এছএছপি পার্থপ্রতিম দাস, ডিমা হাছাওৰ এছএছপি মায়াংক কুমাৰ, এছডিপিঅ’ ভিকু এল অচুমী, অগ্নিনির্বাপক বাহিনীৰ বিষয়া প্রশান্ত পেণ্ড, গোৱালপাৰা ডিইএফৰ ব’টমেন গুণমণি ৰায় আৰু জৰুৰীকালীন উদ্ধাৰকাৰী দিবাকৰ শইকীয়াক মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক প্ৰদান কৰা হৈছে । একেদৰে উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ পদক লাভ কৰা ৩৫গৰাকী বিষয়া-জোৱান হৈছে ক্রমে আইজিপি বিবেক ৰাজ সিং, এছএছপি বেদন্ত মাধৱ ৰাজখোৱা, প্রথম এপিবিএনৰ কমাণ্ডেণ্ট মুছলেহ উদ্দিন আহমেদ, এআইজিপি লংনিট টেৰণ, চিৰাঙৰ এছএছপি অক্ষত গার্গ, এআইজিপি শর্মিষ্ঠা বৰুৱা, চিআইডিৰ এছপি আছিফ আহমেদ, এএছপি মৰমী দাস, আৰক্ষী আয়ুক্তালয়ৰ এডিচিপি মৈত্রেয়ী ডেকা, অনুৰাগ শৰ্মা, মাৰ্ঘেৰিটা সমজিলাৰ আইচি দীনেশ প্রতাপ সিং ৰাথোড়, চিআইডিৰ পৰিদৰ্শক কৃষাণু পাঠক, চিএম স্পেচিয়েল ভিজিলেঞ্চৰ পৰিদৰ্শক বিজু শৰ্মা, দুর্নীতি নিবাৰকৰ পৰিদৰ্শক জিতেন দাস, ১৮ এপিবিএনৰ পৰিদৰ্শক পংকজ কুমাৰ ভট্টাচাৰ্য, ১৫ এপিবিএনৰ পৰিদৰ্শক দিলীপ কুমাৰ বৈশ্য, দেৰগাঁৱৰ লেখিকা মহন্ত, আৰক্ষী আয়ুক্তালয়ৰ পৰিদৰ্শক ড° শংকৰজ্যোতি নাথ, কোকৰাঝাৰৰ পৰিদৰ্শক লাটুক দাস, শোণিতপুৰৰ পৰিদৰ্শক ভাস্কৰ বেজবৰুৱা, সীমান্ত শাখাৰ পৰিদৰ্শক স্বপন কুমাৰ দাস, শ্রীভূমিৰ উপ-পৰিদৰ্শক পলাশ বৰা, হাইলাকান্দিৰ উপ-পৰিদৰ্শক বিশ্বজ্যোতি দুৱাৰী, মৰিগাঁৱৰ উপ-পৰিদৰ্শক মামণি কুমাৰী, শোণিতপুৰৰ উপ-পৰিদৰ্শক ৰণুমী সন্দিকৈ, চিআইডিৰ এএছ আই বিনোদ কুমাৰ নাথ, ধুবুৰীৰ এএছআই প্ৰাঞ্জল বৰা, গোৱালপাৰাৰ এএছআই ৰাজেশ সাহা, নগাঁৱৰ লেন্সনায়ক প্ৰাঞ্জল প্রতিম বৰা, লেন্সনায়ক জিতেশ কুমাৰ সিং, অগ্নিনির্বাপক বাহিনীৰ জৰুৰীকালীন উদ্ধাৰকাৰী ৰাহুল দলে, হর্ষজিৎ ৰায়, শিৱসাগৰৰ কনিষ্টবল অনুজ কুমাৰ গগৈ, শ্রীভূমিৰ কনিষ্টবল পূৰ্ণিক ৰয় আৰু আৰক্ষী আয়ুক্তালয়ৰ কনিষ্টবল দীপজ্যোতি লাংথুলু।