মই কংগ্ৰেছত থাকোতে ৰজাৰ দৰে আছিলো, দমত আছিলোঃমুখ্যমন্ত্ৰী ড° শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দিল্লীত কংগ্রেছ নেতা ৰাহুল গান্ধীৰ শৰণাপন্ন হোৱাক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা কটাক্ষৰ পাছত পুনৰ প্ৰাক্তন আছু নেতাজনৰ বিৰুদ্ধে সৰৱ হৈ পৰে। নলবাৰীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয়- দিল্লীত লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে। অসম চুক্তি অসম আন্দোলনৰ ফলশ্রুতি। ৮৫৫জন শ্বহীদক কোনে গুলীয়াই হত্যা কৰিছিল? ৰাহুল গান্ধীৰ দেউতাক-আইতাকে, ইন্দিৰা গান্ধী-ৰাজীৱ গান্ধীয়ে। গতিকে যিজন লোকে কালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে তেওঁক মই উত্তৰ দিব নালাগে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছোঁ। এয়াই অসমীয়াৰ পাৰ্থক্য। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছোঁ আৰু লুৰিণজ্যোতিয়ে ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে। আনহাতে অসম চুক্তি ৰূপায়ণৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য- আমি অসম চুক্তিৰ ওপৰত গৈ আছোঁ। অসম চুক্তিয়ে যি কৈছিলে তাতকৈ আমি বহুখিনি আগুৱাই গৈছোঁ। আজি যদি এই চৰকাৰখনে এনেদৰে নাথাকিল হয়, জাতিটোৰ কি অৱস্থা হ’লহেঁতেন? চাকৰি-বাকৰি, পুলিচ সকলো লৈ লৈছিল। এই গোটেইবোৰ ঘূৰাই কোনে আনিলে? যিসকলে নাটক কৰিলে তেওঁলোকে একো কৰি দিব নোৱাৰিলে। কিন্তু আজি অসমীয়াৰ স্বাভিমান অসমত ঘূৰাই কোনে আনিলে? ইমানদিনে অসমীয়াক তেওঁলোকে দৌৰাই আছিল। ধুবুৰীৰ পৰা মানকাচৰ, মানকাচৰৰ পৰা গৌৰীপুৰ, গৌৰীপুৰৰ পৰা বৰপেটালৈ দৌৰাই আছিল। এতিয়া মই ওলোটাকৈ দৌৰাবলৈ আৰম্ভ কৰি দিছোঁ। অসম চুক্তিৰ পৰা মাইল দূৰত আমি উপস্থিত হৈছোঁ। আনহাতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনৰ টার্নিং পইন্ট কংগ্ৰেছ আছিল বুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- কংগ্রেছত মই নাছিলোঁ বুলি কোনে কৈছে? কংগ্ৰেছত মই আছিলোঁ, কিন্তু দমত আছিলোঁ। মই কংগ্ৰেছত থাকোঁতে বদৰুদ্দিন আজমলৰ লগত কাজিয়া কৰিছিলোঁ। কাৰো ভৰিত ধৰা নাছিলোঁ। গতিকে কোনোবাই যি দলতে নাথাকক কিয়, দমত থাকিব লাগে। মই অতীতক অস্বীকাৰ কৰা নাই। কিন্তু অতীতটো ভুল আছিল। ১০-১৫ বছৰ আগতে বিজেপিত আহিব লাগিছিল।