হে স্বাধীনতা
মীনাক্ষী বৰুৱা সূত
লখিমপুৰ
জীৱনৰ শক্তি স্বৰূপা
মূমুৰ্খ মানৱক
দানৱৰ সমাজত
গীতেৰে মৰম সিঁচি দিয়া
হে স্বাধীনতা
সৰু সৰু দুৰ্নীতিৰে
পাহাৰ গঢ়িব নিদিবা
বিহ বৃক্ষৰ ধাৰণ কৰিব
স্বাধীনতা
নিশ্চুপ মানুহবোৰক
মুখা পিন্ধা সোপাৰ
সান্নিধ্য ল’বলৈ নিদিবা
চৌদিশৰ চোতাল বোৰত
জাবৰে ভৰি পৰিব
হে স্বাধীনতা
অন্ধকাৰৰ কোঠাৰ পৰা
ছিৎকাৰ কৰা চিঞৰবোৰ
নিঃশেষ কৰা
স্বাধীনতা
উদ্দাত্ত কণ্ঠৰে চিঞৰি গাওঁ
ভাৰতমাতা আমাৰ বিজয়ৰ গান
ভাৰতমাতা আমাৰ বিজয়ৰ গান।