কোনে-কোনে লাভ কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ?

কোনে-কোনে লাভ কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ?

ৰঙিলী বাৰ্ত্তাসেৱা- কিছুদিন পূৰ্বে ৰাজ্য স্পৰ্শকাতৰ এলেকাৰ বাসিন্দাক ৰাজ্য চৰকাৰে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল।  সেই কথা ৰাখি আজি মুখ্যমন্ত্রী ড০ শর্মাই লোকসেৱা ভৱনত আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প’ৰ্টেল মুকলি কৰে। এই সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে আৱেদন কৰা লোকক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

কোনে কোনে এই আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিব তাকলৈও ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ চর্ত বান্ধি দিছে।

আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

আৱেদনকাৰীৰ বয়স ২১ বছৰ হ’ব লাগিব।

আৱেদনকাৰী অসমৰ স্পৰ্শকাতৰ এলেকাৰ বাসিন্দা হ’ব লাগিব।

আৱেদনকাৰী মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হ’ব লাগিব।

আৱেদনকাৰীৰ বৈধ অস্ত্ৰচালনাৰ প্ৰশিক্ষণৰ পত্ৰ থাকিব লাগিব।

আৱেদনকাৰী অসমত তিনিটা প্রজন্ম থকা হব লাগিব।

আৱেদনকাৰীয়ে সেৱা সেতু প’র্টেলযোগে আবেদন কৰিব পাৰিব।

আৰু অৱশেষত জিলা আয়ুক্ত কার্যালয়ে প্রদান কৰিব অনুজ্ঞাপত্ৰ।