হে শ্বহীদ প্ৰণাম তোমাক
ছেলিমা বেগম,নগাঁও
১৫ আগষ্ট দিনা দেশৰ শত শত
বীৰৰ তেজৰ বিনিময়ত আমি
ভাৰতবাসীয়ে পালোঁ স্বাধীনতা,
আহক আমি শ্ৰদ্ধাঞ্জলী জনাওঁ
ফাঁচি অথচ বন্দুকৰ গুলীক
ভয় নকৰি দেশৰ কাৰণে প্ৰাণ
আহুতি দিয়া শ্বহীদ সকলক প্ৰণাম জনালোঁ ৷
ভবিষ্যতৰ প্ৰজন্মৰ স্বাধীনতাৰ সোৱাদ
দিবলৈ গৈ নিজৰ জীৱন বলিদান
দিয়া সকলক স্যালুট জনাওঁ ৷
গৌৰৱ কৰোঁ আমি এই ভাৰতৰ
পবিত্ৰ ভূমিত জন্ম লৈ স্বাধীন মনে
থাকিব পাৰিছোঁ ৷
ভাৰত আমাৰ জন্মভূমি
স্বদেশ আমাৰ গৌৰৱ
আমি গৌৰৱ কৰো ভাৰতৰ
ত্ৰিৰঙ্গা পতাকা লৈ“
জাতীয় পতাকা খনক
জনাওঁ শত বাৰ ছালাম
আঁহা আঁহা বীৰ পুৰুষৰ
সন্তান হাতে হাতে জাতীয়
পতাকা খন হাতত লৈ মান ৰক্ষা কৰি
গাই যাওঁ জন ,গণ, মন —–