প্রধানমন্ত্রীৰ গোলাঘাট ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনা বৈঠক মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৮ ছেপ্টেম্বৰত প্ৰস্তাৱিত অসম ভ্রমণকালত গোলাঘাট জিলাত উপস্থিত হ’বলগা প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেৰগাঁৱৰ অসম আৰক্ষী সম্মিলন কেন্দ্রত এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। প্রধানমন্ত্রী মোদীয়ে এই প্রস্তাবিত অসম ভ্ৰমণৰ সময়ত নুমলীগড় শোধনাগাৰৰ জৈৱ শোধনাগাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে লক্ষাধিক লোকৰ উপস্থিতিত এক বিশাল জনসভা সম্বোধন কৰিব। উল্লেখ্য যে বাঁহৰ পৰা ইথানল প্ৰস্তুতকৰণৰ উদ্দেশ্যে গঢ়ি তোলা নুমলীগড়ৰ এই জৈৱ- শোধনাগাৰটো দেশৰ ভিতৰতে এনেধৰণৰ প্ৰথমটো প্রকল্প হিচাপে পৰিগণিত হ’ব। এই শোধনাগাৰে বছৰি প্রায় ৫০ হাজাৰ টন ইথানলৰ লগতে উপজাত সামগ্রী হিচাপে ১৮ হাজাৰ টন ফাৰফুৰেল আৰু ১১ হাজাৰ টন এচিটিক এচিড উৎপাদন কৰিবলৈ সক্ষম হ’ব। তদুপৰি ই প্রায় ৫ মেগাৱাট সেউজ শক্তিও উৎপাদন কৰিবলৈ সক্ষম হ’ব। শোধনাগাৰটোৱে বছৰি ডেৰশ-দুশ কোটি টকাৰ বাঁহ কেঁচামাল হিচাপে ক্ৰয় কৰিব, যি অসমৰ বাঁহ খেতিয়কসকলৰ লগতে ৰাজ্যৰ গ্ৰাম্য অর্থনীতিলৈ এক বৃহৎ পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব। মুখ্যমন্ত্রীয়ে গোলাঘাটত প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে প্ৰস্তুতিৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে বহুমুখী উপযোগিতাসম্পন্ন বাঁহ অসমত প্ৰচুৰভাৱে উৎপন্ন হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এই জৈৱ শোধনাগাৰটোৱে বৃহত্তৰ অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যখনত যাতে বিভিন্ন ধৰণে উপকৃত কৰিব পাৰে সেই দিশত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে জৈৱ শোধনাগাৰটোৰ বাবে প্রয়োজন হোৱা বাঁহ কৃষকৰ পৰা ক্ৰয়ৰ পাছত সেই বাঁহসমূহ এটা নির্দিষ্ট আকাৰত স্থায়ীভাৱে কাটি শোধনাগাৰলৈ অনা হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত ক্ষুদ্র উদ্যোগ গঢ় লৈ উঠিব। ইয়ে নিয়োগৰ ক্ষেত্ৰখনো মুকলি কৰিব। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে বাঁহৰ উৎপাদনলৈ লক্ষ্য ৰাখি অসমত ভৱিষ্যতে এইধৰণৰ ৪-৫টা জৈৱ শোধনাগাৰ স্থাপনৰ সম্ভাৱনা আছে। প্রধানমন্ত্রী মোদীয়ে নুমলীগড় শোধনাগাৰত দেশৰ ভিতৰতে এইধৰণৰ প্ৰথমটো প্রকল্প উদ্বোধন কৰা কাৰ্যই ৰাজ্যখনত ভৱিষ্যতে এটা ইতিবাচক ঔদ্যোগিকৰণৰ পৰিৱেশ গঢ় দিয়াত সহায় কৰিব। আজি পর্যালোচনা বৈঠকত মন্ত্রী অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত, পীযূষ হাজৰিকা, যোগেন মহন, ৰূপেশ গোৱালা, মুখ্য সচিব ৰবি কোটা, আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙকে ধৰি শীৰ্ষ প্রশাসনিক বিষয়াসকল উপস্থিত থাকে।